প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত গ্রামীণ ভাৰত মহোৎসৱ ২০২৫ উদ্বোধন কৰে। ভাৰত মান্দপামত আয়োজিত এই মহোৎসৱ অহা ৯ জানুৱাৰীলৈকে চলিব। ২০৪৭ চনৰ ভিতৰত স্বাৱলম্বী গ্ৰাম্য ভাৰত গঢ়ি তোলাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি আয়োজন কৰি এই মহোৎসৱ উদ্বোধন কৰি শ্ৰীমোদীয়ে কয় যে ২০১৪ চনৰ পৰাই চৰকাৰে গ্ৰামাঞ্চলবাসীক এক মৰ্যদাপূৰ্ণ জীৱন প্ৰদানক অগ্ৰাধিকাৰ দি গ্ৰাম্য অঞ্চলৰ সেৱা আগবঢ়াই আহিছে। এই অনুষ্ঠানত শ্ৰীমোদীয়ে শিপিনীসকলৰ সৈতেও মত বিনিময় কৰি গ্ৰামাঞ্চলৰ মহিলা সবলীকৰণৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই উদ্দেশ্যে চৰকাৰী বিষয়া গ্রাম্য উদ্যোগী, শিল্পী, কাৰিকৰ আৰু বিভিন্ন ক্ষেত্ৰৰ অংশীদাৰসকলে সহযোগিতামূলক আৰু সামূহিক গ্রাম্য পৰিবৰ্তনৰ ৰূপৰেখা নিৰ্মাণৰ বাবে একেলগে কাম কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়। শ্রীমোদীয়ে লগতে উল্লেখ কৰে যে গ্ৰাম্য সমাজক স্বাৱলম্বী কৰিবলৈ প্ৰধানমন্ত্রী কিষান সন্মান নিধিৰ অধীনত বৰ্তমানলৈকে কৃষকসকলক ৩ লাখ কোটি টকা সাহাৰ্য আগবঢ়োৱা হৈছে। এই অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু ৰাজ্যিক বিত্তমন্ত্ৰী পংকজ চৌধাৰীও উপস্থিত থাকে।
Site Admin | January 4, 2025 5:42 PM | Gramin Bharat Festival
নতুন দিল্লীত গ্রামীণ ভাৰত মহোৎসৱ ২০২৫ উদ্বোধন প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
