প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ ড০ আম্বেডকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত কৰ্মযোগী ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহ মুকলি কৰে। এই উপলক্ষে প্রধানমন্ত্রীয়ে কয় যে, কর্মযোগী অভিযানৰ জৰিয়তে দেশৰ উন্নয়নৰ বাবে চালিকাশক্তিস্বৰূপ মানৱ সম্পদ গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তেওঁ কয় যে, ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহৰ সময়ত লাভ কৰা নতুন শিক্ষা আৰু অভিজ্ঞতাই কার্যপ্ৰণালী উন্নত কৰাত সহায় কৰিব আৰু ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়ি তোলাৰ লক্ষ্যত উপনীত হোৱাত সহায়ক হ’ব। বিগত ১০ বছৰত চৰকাৰৰ মানসিকতা সলনি কৰাৰ বাবে লোৱা পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, জনসাধাৰণে বৰ্তমান এনে পদক্ষেপসমূহৰ ফল অনুভৱ কৰিছে। তেওঁ কয় যে, চৰকাৰত কাম কৰা লোকসকলৰ প্ৰয়াস আৰু কৰ্মযোগী অভিযানৰ লেখীয়া পদক্ষেপৰ বাবে এয়া সম্ভৱ হৈ উঠিছে। তেওঁ কয় যে, বিশ্বই কৃত্রিম বুদ্ধিমত্তাক এটা সুযোগ বুলি গন্য কৰাৰ বিপৰীতে ভাৰতে ইয়াক প্ৰত্যাহ্বান আৰু সুযোগ বুলি গ্ৰহণ কৰিছে। কৃত্রিম বুদ্ধিমত্তা আৰু অভিলাসী ভাৰত অভিযানৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াৰ মাজত সমতা স্থাপনৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। শ্ৰী মোদীয়ে অসামৰিক সেৱাৰ বিষয়াসকলক নতুন মানৰ সৈতে নিজকে খাপ খুৱাবৰ বাবে শেহতীয়া প্ৰযুক্তিক আকোৱালি লোৱাৰ পৰামৰ্শ আগবঢ়ায়। কর্মযোগী অভিযানে এইক্ষেত্ৰত সহায় কৰিব বুলি শ্ৰী মোদীয়ে প্ৰকাশ কৰে। তেওঁ উদ্ভাৱনী চিন্তা-চৰ্চা আৰু নাগৰিক কেন্দ্ৰীক দৃষ্টিভংগী অনুসৰণ কৰাৰ আৱশ্যকতাৰ বিষয়েও প্রকাশ কৰে। প্রধানমন্ত্রীয়ে কয় যে, নতুন অৱধাৰণাৰ বাবে ষ্টার্টআপ প্রতিষ্ঠান, গৱেষণা সংস্থা আৰু যুৱ প্ৰজন্মৰ সহায় লোৱা উচিত। শ্রী মোদীয়ে iGot মঞ্চৰ ভূয়শী প্ৰশংসা কৰি কয় যে, ৪০ লাখৰো অধিক চৰকাৰী কৰ্মচাৰীয়ে এই মঞ্চত নাম পঞ্জীয়ন কৰিছে। এই মঞ্চত ১,৪০০ ৰো অধিক পাঠ্যক্ৰম উপলব্ধ আৰু বিষয়াসকলে বিভিন্ন পাঠ্যক্রম সম্পূৰ্ণ কৰাৰ ডেৰ কোটিৰো অধিক প্ৰমাণপত্ৰ লাভ কৰিছে। বিশ্ব প্ৰেক্ষাপটত ভাৰতীয় প্ৰমূল্য সমৃদ্ধ ভৱিষ্যতৰ বাবে সাজু অসামৰিক সেৱাৰ পৰিকল্পনাৰে ২০২০ চনৰ ছেপ্তেম্বৰত কৰ্মযোগী অভিযান মুকলি কৰা হৈছিল।
Site Admin | October 20, 2024 11:10 AM | Prime Minister Narendra Modi launched the ‘Karmayogi Saptah'