ডাউনলোড
মোবাইল এপ

android apple
signal

June 7, 2024 10:56 AM | NDA Meeting

printer

নতুন দিল্লীত আজি এন ডি এৰ সংসদীয় দলৰ বৈঠক

এন ডি এৰ সংসদীয় দলৰ বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হ’ব। বৈঠকত বিজেপি, টি ডি পি, জে ডি ইউ, এল জে পি (আৰ), শিৱসেনা সিন্ধে গোট, জে ডি এছ আৰু এন ডি এ মিত্ৰজোঁটৰ অন্য সহযোগী দলৰ নৱনিৰ্বাচিত সাংসদসকলে অংশগ্রহণ কৰিব। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত চৰকাৰ গঠনক লৈ ৰাজনৈতিক গতিবিধি বৃদ্ধি পাইছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙক চৰকাৰ গঠনৰ বিষয় লৈ এন ডি এৰ সহযোগী দলসমূহৰ সৈতে আলোচনা কৰাৰ দায়িত্ব অর্পণ কৰা হৈছে। শ্ৰীনাড্ডাই কালি নতুন দিল্লীত কেন্দ্রীয় মন্ত্ৰী আৰু দলৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত কেন্দ্ৰীয় মন্ত্রী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্রীয় মন্ত্রী পীয়ুষ গোৱেল, প্রহ্লাদ যোশী, মনসুখ মন্দাভিয়া, অশ্বিনী বৈষ্ণৱ, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুঘ, দলৰ নেতা বিনোদ তাৱড়ে আৰু আন ভালেসংখ্যক নেতা উপস্থিত থাকে। ইপিনে, জে ডি ইউৰ কেইবাগৰাকীও নেতাই কালি দলৰ সভাপতি তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক তেওঁৰ নতুন দিল্লীৰ বাসগৃহত সাক্ষাৎ কৰে। এন ডি এৰ সংসদীয় দলৰ বৈঠকৰ পূৰ্বে আজি হোৱা জে ডি ইউৰ সংসদীয় গোটৰ এখন বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে। উল্লেখযোগ্য যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ইতিমধ্যে এন ডি এ মিত্ৰজোঁটৰ নেতা হিচাপে বাছনি কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক