ডাউনলোড
মোবাইল এপ

android apple
signal

January 3, 2025 8:00 PM | Indian Railway

printer

নতুন জন শতাব্দী এক্সপ্ৰেছ ৰে’লৰ যাত্ৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ

কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি গুৱাহাটীত ভাৰতীয় ৰে’লৱেই গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত চলাচল কৰোৱাৰ সিদ্ধান্ত লোৱা নতুন জন শতাব্দী এক্সপ্ৰেছ ৰে’লখনৰ যাত্ৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। ৰে’লমন্ত্ৰীগৰাকীয়ে আজি পতাকা জোকাৰি তিনিচুকীয়া-নাহৰলগুন এক্সপ্ৰেছ আৰু গুৱাহাটী-নিউ বঙাইগাঁও যাত্ৰীবাহী ৰে’ল দুখনৰ যাত্ৰাৰো শুভাৰম্ভ কৰে।গুৱাহাটী ৰে’ল ষ্টেচনত আজি এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে ২০২৪-২৫ বৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’ল খণ্ডৰ বিকাশৰ বাবে ১০ হাজাৰ কোটি টকা আবণ্টন দিয়া হৈছে। উত্তৰ-পূৰ্বাঞ্চল এতিয়াৰে পৰা দেশৰ নতুন ইঞ্জিন বুলি উল্লেখ কৰি শ্ৰী বৈষ্ণৱে কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ বাবে লুক ইষ্ট নীতিক এক্ট ইষ্ট নীতিলৈ সলনি কৰিলে। উত্তৰ-পূব খণ্ডৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে বাজেটত এক লাখ ২৫ হাজাৰ কোটি টকাৰ আৱণ্টন দিয়া হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰিগৰাকীয়ে প্ৰকাশ কৰে ।উল্লেখযোগ্য যে, এই নতুন জন শতাব্দী এক্সপ্ৰেছ ৰে’লখনে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সৈতে গুৱাহাটীৰ ৰে’ল যোগাযোগ অধিক সুচল কৰি তুলিব। ৰে’ল বিভাগৰ সূত্ৰই জনোৱা মতে, সপ্তাহত দুবাৰকৈ চলাচল কৰিবলগীয়া এই ৰে’লগাড়ীখনে পুৱা ৯ বাজি ৫০ মিনিটত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি বিয়লি ৪ বাজি ১৫ মিনিটত উত্তৰ লখিমপুৰ পাবগৈ আৰু বিয়লি ৫ বজাত উত্তৰ লখিমপুৰৰ পৰা যাত্ৰা কৰি নিশা ১১ বাজি ২৫ মিনিটত গুৱাহাটী পাবহি। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয়, যে জাগীৰোডত স্থাপন কৰিবলগীয়া ৰাষ্ট্ৰীয় বৈদ্যুতিন আৰু তথ্য-প্রযুক্তি প্রতিষ্ঠান অর্থাৎ নাইলেট বিশ্ববিদ্যালয়ে শৈক্ষিক পাঠ্যক্ৰম আৰু উদ্যোগৰ মাজত সামঞ্জস্য ৰক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব। এই বিশ্ববিদ্যালয়খনে অঞ্চলটোৰ যুৱক-যুৱতীসকলক বৈদ্যুতিন, ছেমি কণ্ডাক্টৰ, কৃত্রিম বুদ্ধিমত্তা আদি বিভিন্ন ক্ষেত্ৰত কাম কৰাৰ বাবে সাজু কৰি তুলিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, যে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত প্ৰযুক্তিগত বিপ্লৱে সহায় কৰিব। এই ক্ষেত্ৰত নাইলেট বিশ্ববিদ্যালয়ে ৰাজ্যৰ শিক্ষা জগতত নতুন দিগন্তৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। টাটা ইলেক্‌ট্রনিক্স আৰু ভাৰত চৰকাৰৰ সহযোগত ৩০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে জাগীৰোডত নিৰ্মাণ হৈ থকা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চলিত বৰ্ষৰ শেষৰ ফালে ছীপ নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলি প্ৰকাশ কৰি ড০ শৰ্মাই কয়, যে এই প্রকল্প‍ই ৰাজ্যৰ অৰ্থনীতি উন্নীতকৰণত বিশেষ ভূমিকা পালন কৰিব।

মুখ্যমন্ত্রী ড০ শর্মাই কেন্দ্রীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱক অহা ২৫ ফেব্ৰুৱাৰীত হ’বলগীয়া এডভান্টেজ আছাম সন্মিলনলৈ আমন্ত্ৰণ জনায়।আজিৰ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, আকাশবাণীৰ সঞ্চালক প্ৰধান প্ৰজ্ঞা পালিৱাল গৌড়ৰ লগতে কেইবাগৰাকীও মন্ত্ৰী আৰু সাংসদ উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক