ডাউনলোড
মোবাইল এপ

android apple
signal

June 30, 2024 12:23 PM | New Criminal Law

printer

নতুনকৈ প্ৰৱৰ্তন হ’বলগীয়া তিনিখন নতুন ফৌজদাৰী আইন সন্দৰ্ভত গুৱাহাটীত কর্মশালা

দেশত কাইলৈ প্ৰৱৰ্তন হ’বলগীয়া তিনিখন নতুন ফৌজদাৰী আইন সন্দৰ্ভত আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন কর্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাত অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অংশুমান বৰা উপস্থিত থাকিব। অনুষ্ঠানটো দিনৰ চাৰে ১১ বজাত আৰম্ভ হ’ব। উল্লেখযোগ্য যে দেশৰ জনসাধাৰণক ন্যায় প্ৰদানৰ লগতে নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে কাইলৈৰ পৰা দেশত তিনিখন নতুন আইন বলবৎ হ’ব। ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম শীর্ষক এই আইন কেইখনে ন্যায় প্রদান আৰু সাক্ষ্য গ্রহণ প্ৰক্ৰিয়াত কেতবোৰ নতুনত্বৰ সঞ্চাৰ কৰি সমগ্ৰ প্ৰক্ৰিয়াটো পূৰ্বতকৈ সূচল কৰি তুলিব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক