প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুনকৈ নিৰ্বাচিত হোৱা ৫১ হাজাৰৰো অধিক প্ৰাৰ্থীক কাইলৈ ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে নিযুক্তি পত্ৰ বিতৰণ কৰিব। দেশৰ ৪০টা স্থানত আয়োজিত ৰোজগাৰ মেলাৰ জৰিয়তে কাইলৈ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰ্যালয় আৰু বিভাগত এইসকল প্রার্থীক নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব। এই ৰোজগাৰ মেলাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিয়োগ সৃষ্টিৰ অগ্ৰাধিকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। এনে ধৰণৰ মেলাই দেশৰ যুৱ প্ৰজন্মক ৰাষ্ট্ৰৰ নিৰ্মাণত অৰিহণা যোগাবলৈ সুবিধা প্ৰদান কৰে ৷ নতুনকৈ নিযুক্তি পোৱা প্ৰাৰ্থীসকলে iGOT কৰ্মযোগী প’ৰ্টেলৰ যোগেদি অনলাইন মাধ্যমেৰে প্ৰাথমিক প্রশিক্ষণ গ্ৰহণ কৰাৰ সুবিধা ল’ব পাৰিব। দেশৰ যুৱ প্ৰজন্মই বিকশিত ভাৰত নিৰ্মাণৰ দিশত প্ৰয়োজনীয় দক্ষতা আৰু নিয়োগৰ সুবিধা লাভ কৰাৰ বাবে এহেজাৰ ৪০০ ৰো অধিক ই-শিক্ষণ পাঠ্যক্রম এই কর্মযোগী প’ৰ্টেলৰ জৰিয়তে গ্ৰহণ কৰিব পাৰিব। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰেক্ষাগৃহত কাইলৈ পুৱা চাৰে ১০ বজাৰ পৰা ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভার্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰিবলগীয়া এই মেলাত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কাৰ্যসূচীত উপস্থিত থাকিব।
Site Admin | October 28, 2024 7:52 PM | ROJGAR MELA