কেন্দ্রীয় সমবায় মন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীৰ পুছাত নতুনকৈ গঠিত ১০ হাজাৰৰো অধিক বহুমুখী প্রাথমিক কৃষি সমবায় সমিতি, দুগ্ধ আৰু মীন সমবায় সমিতি ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। শ্ৰীশ্বাহে নৱগঠিত সমবায় সমিতিসমূহক পঞ্জীয়নৰ প্ৰমাণ পত্ৰ, ৰূপে কিষাণ ক্রেডিট কাৰ্ড আৰু মাইক্ৰ’ এটিএম বিতৰণ কৰে। এই বিত্তীয় আহিলাসমূহ পঞ্চায়তসমূহত ঋণ সেৱাসমূহ সহজেই লাভ কৰিব পৰাকৈ আৰু বিত্তীয় অন্তৰ্ভুক্তিত প্ৰসাৰিত কৰিবলৈ নিৰ্মাণ কৰা হৈছে। এইবোৰৰ দ্বাৰা গ্ৰাম্য জনসাধাৰণ বিভিন্ন আঁচনিৰ দ্বাৰা উপকৃত হ’ব আৰু দেশৰ অৰ্থনৈতিক প্ৰগতিত অংশগ্ৰহণ কৰিব পাৰিব। অনুষ্ঠানত ভাষণ দি মন্ত্ৰী শ্বাহে কৈছে, যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে সমবায় খণ্ডক প্ৰসাৰিত কৰি গ্ৰাম্য অর্থনীতিত নতুন শক্তি প্রদান কৰিছে। তেওঁ কয়, যে চৰকাৰে ৫ বছৰৰ নিৰ্ধাৰিত সময়তকৈ পূৰ্বেই ২ লাখ প্রাথমিক কৃষি ঋণ সমিতি স্থাপন কৰিব। এই পদক্ষেপসমূহৰ জৰিয়তে কৃষকৰ উৎপাদিত সামগ্রী সহজেই গোলকীয় বজাৰত প্ৰৱেশ কৰিবলৈ সমৰ্থ হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। চৰকাৰে প্ৰাথমিক কৃষি ঋণ সমিতিক বহুমাত্ৰিক ৰূপত উপস্থাপন কৰি গেছ আৰু সাৰ বিতৰণৰ সৈতে সংযোগ কৰিছে বুলিও মন্ত্ৰী শ্বাহে আজিৰ অনুষ্ঠানত মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে এই কথাও আলোকপাত কৰে যে, যেতিয়া দেশত আন্তঃগাথনিক অগ্ৰাধিকাৰ দিয়া হোৱা নাছিল তেতিয়াই প্রাক্তন প্রধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে স্বর্ণিম চতুর্ভুজ মাৰ্গ উন্মোচন কৰিছিল।
Site Admin | December 25, 2024 8:27 PM | Amit Shah