September 22, 2024 11:23 AM | Ranjeet Kr. Das

printer

নতুনকৈ গঠিত উপ-জিলাসমূহৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তসকলক জনসাধাৰণৰ প্ৰতি দায়িত্বশীল হৈ কাম কৰি সু-শাসন ব্যৱস্থা প্ৰতিষ্ঠাৰ বাবে  সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসৰ আহ্বান

ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে নতুনকৈ গঠন কৰা উপ-জিলাসমূহৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তসকলৰ সামৰ্থ বৃদ্ধিৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি বিষয়াসকলক জনসাধাৰণৰ প্ৰতি দায়িত্বশীল হৈ কাম কৰি সু-শাসন ব্যৱস্থা প্ৰতিষ্ঠাৰ বাবে আহ্বান জনায়। প্রশাসনিক সূচলতা আৰু কাৰ্যদক্ষতা বৃদ্ধিৰ লগতে নাগৰিকমুখী সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গঠন কৰিবলগীয়া ৭৮ খন উপ-জিলাৰ ভিতৰত প্ৰথম পৰ্যায়ত ৩৯ খন উপ-জিলাৰ কামকাজ অহা ২ অক্টোবৰত আৰম্ভ হ’ব। এই উপ-জিলাসমূহৰ ১০৭ গৰাকী বিষয়াৰ বাবে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ১৫ দিনীয়াকৈ আয়োজন কৰা প্ৰশিক্ষণ কাৰ্যসূচীৰ কালি সামৰণি পৰে। মন্ত্ৰী দাসে কালি সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰথম পৰ্যায়ত কার্যক্ষম হ’বলগীয়া উপ-জিলাসমূহৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত আয়ুক্ত আৰু সহকাৰী আয়ুক্তসকলক শুভেচ্ছা জনোৱাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব নেতৃত্বাধীন ৰাজ্য চৰকাৰে প্ৰশাসনৰ জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ বাবে গ্ৰহণ কৰা প্ৰয়াসক ফলপ্রসূ কৰাৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায়। বৰ্তমান চৰকাৰৰ কাৰ্যকালত ৰাজ্যৰ উন্নয়নে বিশেষ মাত্ৰা লাভ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক নাগৰিকৰ সৈতে সঘনাই মত বিনিময় কৰি তেওঁলোকৰ অভাৱ অভিযোগসমূহক গুৰুত্ব দিবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক