নতুনকৈ কাৰ্যকৰী হবলগীয়া ৩ খন ফৌজদাৰী আইনে ভাৰতক ঔপনিবেশিক চিন্তাচৰ্চাৰ পৰা মুক্ত কৰিবঃ কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল

কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ৰ উদ্যোগত আজি কলকাতাত ফৌজদাৰী ন্যায় প্ৰণালীৰ প্ৰশাসনত ভাৰতৰ প্রগতিশীল পথ শীর্ষক এখন সন্মিলন অনুষ্ঠিত হৈ যায়। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে এই সন্মিলন উদ্বোধন কৰি কয় যে, নতুনকৈ কাৰ্যকৰী হবলগীয়া ৩ খন আইনে ভাৰতক ঔপনিবেশিক চিন্তাচৰ্চাৰ পৰা মুক্ত কৰিব। এই তিনিওখন আইন কার্যকৰী হোৱাৰ লগে লগে বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া হোৱাৰ লগতে সমাজৰ পিছপৰা শ্ৰেণীৰ লোকসকলেও সুবিচাৰ লাভ কৰিব। উল্লেখযোগ্য যে, অহা জুলাই মাহৰ পৰা ভাৰতীয় ন্যায় সংহিতা ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ২০২৩ কাৰ্যকৰী হব। এই অনুষ্ঠানত পশ্চিমবংগৰ আৰক্ষী সঞ্চালক প্রধানকে ধৰি প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক আৰু নিম্ন আদালতসমূহৰ ন্যায়াধীশসকল উপস্থিত থাকে। ভাষণ প্ৰসংগত অৰ্জুন ৰাম মেঘৱালে কয় যে, নতুন আইন ৩ খনক লৈ একাংশই কিছুমান ভিত্তিহীন অভিযোগ উত্থাপন কৰি আছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কোনো বিশেষজ্ঞৰ সৈতে আলোচনা নকৰাকৈ অথবা ৰাজ্যসমূহৰ পৰামৰ্শ নোলোৱাকৈ আইন কেইখন প্রনয়ন কৰা বুলি উত্থাপন হোৱা অভিযোগ পোনচাতে নাকচ কৰে। উল্লেখযোগ্য যে, ৰাষ্ট্ৰপতিয়ে যোৱা ডিচেম্বৰত অনুমোদন জনোৱা এই আইন তিনিখন পহিলা জুলাইৰ পৰা বলৱৎ হ’ব। মন্ত্ৰ্যালয়ে কৈছে যে, এই আইন তিনিখনৰ বিষয়ে জনসাধাৰণ বিশেষকৈ আইন জগতৰ বিশিষ্ট ব্যক্তি, আইন বলৱৎকাৰী সংস্থা, শিক্ষাবিদ আৰু আইন পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা সৃষ্টি উদ্দেশ্যে আইন পৰিক্ৰমা বিভাগে যোৱা দুমাহত নতুন দিল্লী আৰু গুৱাহাটীত দুখন গুৰুত্বপূৰ্ণ সন্মিলন অনুষ্ঠিত কৰিছে।

অধিক পঢ়ক

সকলো চাওক