মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ অধীনত এতিয়াৰেপৰা নগৰাঞ্চলৰ লোকে ১০ শতাংশ প্রিমিয়াম দি ভূমিৰ বন্দৱস্তি ল’ব পাৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত ৰাজ্যিক মন্ত্রীসভাই এই সিদ্ধান্ত গ্রহণ কৰে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে মন্ত্ৰীসভাৰ এই সিদ্ধান্ত সদৰি কৰি কয়, যে গুৱাহাটী আৰু ৰাজ্যৰ নগৰাঞ্চলত ভূমিৰ প্রিমিয়াম যুক্তিসংগতকৰণৰ প্ৰস্তাৱত মন্ত্রীসভাই অনুমোদন জনাইছে। সেই অনুসৰি মিছন বসুন্ধৰা দ্বিতীয় পৰ্যায়ৰ নিষ্পত্তিৰ বাবে অনুমোদিত অথচ প্রিমিয়াম পৰিশোধৰ বাবে বাকী থকা আবেদনসহ নগৰাঞ্চলত চৰকাৰী ভূমি নিষ্পত্তিৰ বাবে চৰ্তসাপেক্ষে প্ৰেৰণৰ বাবে প্রযোজ্য প্রিমিয়ামৰ ১০ শতাংশ হাৰত নিষ্পত্তি প্রিমিয়াম যুক্তিসংগত কৰা হ’ব। অর্থাৎ চৰকাৰী মূল্যৰ ১০ শতাংশ আদায় দিয়েই ভূমি ম্যাদী কৰিব পাৰিব। অৱশ্যে এই আন ৯০ শতাংশ প্রিমিয়াম আদায় দিহে এই মাটি বিক্ৰী কৰিব পাৰিব।
Site Admin | November 27, 2024 12:06 PM | assam cabinet