নগাঁও জিলাৰ ৰাইদঙিয়াৰ সমীপৱৰ্ত্তী আইভেটি কৰচোং উদয় চন্দ্ৰ শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱত আজি ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই মুখ্য অতিথি হিচাপে উপস্থিত থাকে। হাতীচোং মৌজাৰ এই অগ্ৰণী শিক্ষানুষ্ঠানখন ১৯৭৪ চনত স্থাপন কৰা হৈছিল। এই সোণালী জয়ন্তী উৎসৱত অংশগ্ৰহণ কৰি মন্ত্ৰী কেশৱ মহন্তই কয় যে উদয় চন্দ্ৰ শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ে সুদীৰ্ঘ ৫০ বছৰ শৈক্ষিক জাগৰণৰ সৃষ্টি সমাজলৈ বিশেষ অৰিহনা আগবঢ়াই আহিছে। তেওঁ লগতে কয় যে শিক্ষানুষ্ঠানখনে বহু সুদক্ষ মানৱ সম্পদ সৃষ্টি কৰিছে। প্ৰতিষ্ঠাৰ ৫০ বছৰ পূৰ্ণ কৰা উপলক্ষে দুদিনীয়াকৈ আয়োজন কৰা সোণালী জয়ন্তী মহোৎসৱৰ আজি দ্বিতীয় দিনটোত শিক্ষক-শিক্ষয়িত্রী, ছাত্র-ছাত্রী, সোণালী জয়ন্তী উদযাপন সমিতিৰ বিষয়ববীয়া আৰু অঞ্চলটোৰ ৰাইজক মন্ত্ৰী মহন্তই শুভেচ্ছা জ্ঞাপন কৰে।
Site Admin | December 15, 2024 6:56 PM | Keshab Mahanta
নগাঁও জিলাৰ উদয় চন্দ্ৰ শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষে মন্ত্ৰী কেশৱ মহন্তৰ শুভেচ্ছা জ্ঞাপন
