August 29, 2024 11:21 AM | President

printer

ধৰ্ষণ আৰু হত্যাৰ ঘটনাক সহ্য কৰা নহ’ব : ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মৱে কৈছে যে, কলকাতাৰ এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাই সমগ্ৰ ৰাষ্ট্ৰকে জোকাৰি গৈছে আৰু সকলো লোকে আৰু সহ্য কৰা নহ’ব বুলি একেলগে কোৱাৰ সময় আহি পৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কালি সামাজিক মাধ্যমযোগে এটা বিবৃতি শ্বেয়াৰ কৰি এইদৰে প্ৰকাশ কৰিছে। তেওঁ কয় যে, শেহতীয়াকৈ মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ বৰ্ধিত ঘটনাই আমাক এই সমস্যাৰ মূল কাৰণৰ সম্ভেদ উলিওৱাৰ বাবে আত্ম-বিশ্লেষণৰ প্ৰয়োজনৰ কথা সোঁৱৰাই দিছে। শ্রীমতী মুর্মুৱে কয় যে, এই ঘটনাই তেওঁক নিৰাশ আৰু স্তব্ধ কৰি তুলিছে। তেওঁ কয় যে, এয়া এনেধৰণৰ একমাত্ৰ ঘটনা নহয়, মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ অংশহে। তেওঁ কয় যে, এই ঘটনাক লৈ কলকাতাত শিক্ষাৰ্থী, চিকিৎসক আৰু জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়ত অপৰাধীসকলে অন্য স্থানত নিৰ্ভয়ে ঘূৰি ফুৰিছে। আতিশয্যৰ বলি হোৱাসকলৰ ভিতৰত কিণ্ডাৰ গাৰ্তেনৰ কন্যা শিশুও আছে বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, কোনো সভ্য সমাজে ভগ্নী, কন্যাসকলক এনে আতিশয্যৰ বলি হোৱাটো সহ্য নকৰে। তেওঁ কয় যে, এনে ঘটনাক লৈ জনসাধাৰণৰ ক্ষোভ যুক্তিসংগত। সমাজ হিচাপে আমি নিজকে কেতবোৰ জটিল প্রশ্ন সোধাৰ সময় আহি পৰিছে বুলি শ্ৰীমুৰ্মৱে উল্লেখ কৰে । ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, আমাৰ সংবিধানে এনে সময়ত মহিলাসহ সকলোকে সম অধিকাৰ প্ৰদান কৰিছিল যি সময়ত বিশ্বৰ বিভিন্ন অংশত মহিলাৰ সমঅধিকাৰৰ বিষয়টোক আদর্শ বুলি গণ্য কৰা হৈছিল। তেওঁ কয় যে, চৰকাৰে এই সমতা সুনিশ্চিত কৰাৰ বাবে প্ৰতিষ্ঠান স্থাপন কৰিব লাগিব আৰু বিভিন্ন অভিযান তথা কাৰ্যসূচী ৰূপায়ণ কৰিব লাগিব। তেওঁ কয় যে, বিষয়টো লৈ নাগৰিক সমাজ আগবাঢ়ি আহিছে আৰু এই ক্ষেত্ৰত ৰাজ্যৰ প্ৰয়াসত হাত উজান দিছে। শ্রীমতী মুর্মুৱে কয় যে, সমাজৰ সকলো ক্ষেত্ৰৰ দূৰদৰ্শী নেতাসকলে লিংগ সমতাত গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁ কয় যে, একাংশ অসাধাৰণ আৰু সাহসী মহিলাই তুলনামূলকভাৱে কম ভাগ্যশালী ভগ্নীৰ বাবে বাবে এই সামাজিক বিপ্লৱৰ লাভ গ্ৰহণ কৰাটো সম্ভৱ কৰি তুলিছে। সেয়া মহিলা সৱলীকৰণৰ গাঁথা স্বৰূপ বুলি ৰাষ্ট্ৰপতিয়ে মন্তব্য কৰে। শ্ৰীমতী মুৰ্মৱে কয় যে, মহিলাসকলক সামগ্ৰী হিচাপে জ্ঞান কৰা একাংশ লোকৰ বাবে মহিলাৰ বিৰুদ্ধে অপৰাধ সংঘটিত হয়। এনে লোকৰ মনত এই ধৰণৰ মানসিকতা গভীৰভাৱে শিপাই আছে বুলি ৰাষ্ট্ৰীপতিগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে, এয়া সঁচাকৈ দুৰ্ভাগ্যৰ কথা যে, অকল ভাৰততে নহয় বৰং সমগ্ৰ বিশ্বত পৰিস্থিতি একেই। তেওঁ কয় যে, সকলো ঠাইতে মহিলাৰ বিৰুদ্ধে হোৱা অত্যাচাৰৰ স্বৰূপ একে ধৰণৰ, মাত্ৰ কৰবাত বৰ্বৰতা কম আৰু কৰবাত বেছি। এনে ধৰণৰ মানসিকতাৰ সন্মুখীন হোৱাটো ৰাষ্ট্ৰ আৰু সমাজ উভয়ৰে কাম বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে, ভাৰতত বিগত কেইটামান বছৰত ৰাষ্ট্ৰ আৰু সমাজে এই ভুল আঁচৰণৰ সংস্কাৰৰ হকে কঠোৰ সংঘৰ্ষ কৰিছে। আইন আৰু সামাজিক অভিযানৰ ৰূপায়ণৰ পাছতো পথত কিছুমান বিঘিনি আহে আৰু দেশক ব্যাথিত কৰে। দিল্লীৰ নিৰ্ভয়া কাণ্ডৰ কথা স্মৰণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ২০১২ চনৰ ডিচেম্বৰত এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ সময়ত দেশবাসী এনেধৰণৰ বৰ্বৰতাৰ সন্মুখীন হৈছিল। এই ঘটনাক লৈ সমগ্ৰ দেশ ব্যাথিত হৈছিল আৰু ক্ষোভৰ উদ্গীৰণ হৈছিল। জনসাধাৰণে আৰু এগৰাকী নিৰ্ভয়াৰ সৈতে একে ধৰণৰ ঘটনা সংঘটিত হ’ব দিয়া নহ’ব বুলি দৃঢ় সংকল্প গ্ৰহণ কৰিছিল। চৰকাৰেও পৰিকল্পনা আৰু ৰণনীতি প্ৰস্তুত কৰিছিল আৰু এই পদক্ষেপসমূহৰ ফলত কিছু পৰিৱৰ্তনো দেখিবলৈ পোৱা গৈছিল। তেওঁ কয় যে, যেতিয়ালৈকে মহিলাসকলে বাস কৰা অথবা কৰ্মস্থানত নিৰাপদ অনুভৱ নকৰে তেতিয়ালৈকে এই কাম আধৰুৱা হৈ থাকিব। ৰাষ্ট্ৰীয় ৰাজধানীত সংঘটিত সেই শোকাৱহ ঘটনাৰ পাছৰ ১২ বছৰত একে ধৰণৰ অসংখ্য ঘটনা ঘটিছে যদিও একাংশ ঘটনাহে সমগ্র দেশৰ দৃষ্টি আকৰ্ষণ কৰিছে। আনকি এই ঘটনাসমূহে শীঘ্ৰে পাহৰণি গৰ্ভত বিলীন হৈ গৈছে। ৰাষ্ট্ৰপতিগৰাকীয়ে দেশবাসীয়ে ঘটনাসমূহৰ পৰা কিবা শিকনি লৈছে নেকি বুলি প্ৰশ্নৰো অৱতাৰণা কৰে। তেওঁ কয় যে, সামাজিক প্ৰতিবাদ কম হোৱাৰ লগে লগে এই ঘটনাসমূহ সামাজিক স্মৃতিৰ অটল তলীত বিলীন হৈ যায় আৰু একে ধৰণৰ অন্য অপৰাধ সংঘটিত হ’লেহে ঘটনাসমূহৰ কথা স্মৰণ কৰা হয়। ৰাষ্ট্ৰপতি মুৰ্মৱে পাহৰি যোৱাৰ এই সমূহীয়া ৰোগ বিকৃত মানসিকতাৰ সমানে অপ্রীয়। নিজ কন্যাসকলক ভয়ৰ পৰা মুক্ত কৰি তেওঁলোকৰ পথৰ বাধা দূৰ কৰাটো দেশৰ জনসাধাৰণৰ দায়িত্ব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মতপোষণ কৰে।

অধিক পঢ়ক

সকলো চাওক