সূৰ্য দেৱতাক ধৰ্মীয় ৰীতি-নীতিৰে আৰাধনা কৰি কল্যাণ কামনাৰে সম্পন্ন কৰা ষট পূজাৰ আজি তৃতীয় দিনা ভক্তসকলে নৈৰ পাৰত অস্তগামী সূৰ্যলৈ অৰ্ঘ্য আগবঢ়ায়। কাইলৈ পুৱা উদিত সূৰ্যৰ উপাসনাৰে এই চাৰিদিনীয়া উৎসৱৰ সামৰণি পৰিব। এই উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ ব্ৰহ্মপুত্ৰ পাৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নৈৰ ঘাটসমূহত অগণন ভক্তৰ সমাগম হয়।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ষট্ পূজা উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। ৰাষ্ট্ৰপতিয়ে এটা বার্তাযোগে কয় যে ষট পূজা দেশৰ প্ৰাচীন উৎসৱসমূহৰ অন্যতম আৰু সূৰ্য দেৱতাৰ উপাসনাৰ এটা উপলক্ষ। শ্রীমতী মুর্মুৱে এই উৎসৱে জনসাধাৰণৰ জীৱনলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিব আৰু ইয়াৰ ফলত প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধা বৃদ্ধি পাব বুলি আশা প্রকাশ কৰিছে।
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাও ষট পূজা উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত এই শুভক্ষণত ছঠি মাইয়া আৰু সূৰ্যদেৱে নিজৰ আশীষেৰে সকলোৰে জীৱন ধন্য কৰিব বুলি আশা প্রকাশ কৰে। তেওঁ লগতে সকলোৰে সুখ, শান্তি আৰু সমৃদ্ধিৰ কামনা কৰে৷
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীৰ জ্যোতিকুছিত আয়োজিত ষট্ পূজাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি জনসাধাৰণক সম্বোধি ভাষণ দিয়ে। ইপিনে, ষট পূজা শান্তিপূর্ণভাৱে উদযাপন কৰাৰ লক্ষ্যৰে পূজাৰ সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা লাচিত ঘাটলৈ বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। টিআৰপি ৰোডত বাণিজ্যিক বাহন পার্কিঙতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। নৈৰ ঘাটত পূজাৰ সময়ত অঘটন নহ’বলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী আয়ুক্তগৰাকীয়ে নিৰ্দেশ জাৰি কৰিছে। আৰক্ষীৰ উপৰি পূজা সমিতিয়ে নিজাববীয়াকৈ স্বেচ্ছাসেৱক নিয়োগ কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে। আনহাতে ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ পৃথক পৃথক প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা থকাটো বাঞ্চনীয়। পুৱা আৰু সন্ধিয়াৰ সময়ত ৰাইজৰ আহ-যাহ কৰাত যাতে কোনো সমস্যাৰ সৃষ্টি নহয় তাৰ বাবে সমিতিসমূহক স্থানীয় আৰক্ষীৰ সহায় ল’বলৈ আহ্বান জনোৱা হৈছে। সাংস্কৃতিক অনুষ্ঠান বা সমদলৰ নামত অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰিবলৈ গুৱাহাটী আৰক্ষীয়ে জনসাধাৰণক আহ্বান জনাইছে।
Site Admin | November 7, 2024 9:09 PM | Akashvani Guwahati | Assam | Chhath Puja