ডাউনলোড
মোবাইল এপ

android apple
signal

ধ্রুপদী ভাষাৰ স্বীকৃতিপ্ৰাপ্তিৰ লগে লগে প্ৰতিজন অসমীয়াৰ ভাষাটোৰ প্ৰতি দায়িত্ব বাঢ়িলঃ অতুল বৰা

অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰা উপলক্ষে ৰাজ্যজুৰি কালিৰেপৰা ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হৈছে। অসমীয়াৰ লগতে ৰাজ্যৰ অন্যান্য জনগোষ্ঠীয় ভাষা আৰু বৰ্ণিল সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। গুৱাহাটীত কালি ভাষা গৌৰৱ সপ্তাহ উদযাপনৰ উদ্বোধনী অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ধ্রুপদী ভাষাৰ স্বীকৃতিপ্ৰাপ্তিৰ লগে লগে প্ৰতিজন অসমীয়াৰ ভাষাটোৰ প্ৰতি দায়িত্ব বাঢ়িল বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে নৱ প্ৰজন্মক ডিজিটেল পদ্ধতিৰে অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগবাঢ়িবলৈ আহ্বান জনায়। অনুষ্ঠানটোত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ বিজুলী কলিতা মেধি, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ তথা অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি আৰু গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰতিনিধিসকল উপস্থিত থাকে।
ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত জিলা গ্রন্থগাৰৰ প্ৰেক্ষাগৃহত ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হয়। উদ্বোধনী অনুষ্ঠানত হস্ততাঁত বস্ত্ৰ বিভাগৰ মন্ত্ৰী উত্থাও গৌড়া ব্রহ্ম উপস্থিত থাকে। ইপিনে, কৰিমগঞ্জত আয়োজিত ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচীত বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বজালী জিলাত পাঠশালা সাহিত্য সভা আৰু বজালী জিলা প্ৰশাসনৰ যৌথ উদ্যোগত আয়োজিত ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচীত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অংশগ্ৰহণ কৰি কথিত ভাষাতো অসমীয়া শব্দৰ শুদ্ধ ৰূপৰ ব্যৱহাৰৰ বাবে আহ্বান জনায়।
বৰপেটা জিলাৰ ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচীত মন্ত্রী অশোক সিংহলে অংশগ্রহণ কৰি ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে ভাষাটোৰ প্ৰসাৰ আৰু প্ৰচাৰত সহায় কৰিব যদিও প্ৰতিজন অসমীয়াই ভাষাটোৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে হাত উজান দিলেহে এই স্বীকৃতিৰ সঠিক ৰূপায়ণ হ’ব বুলি উল্লেখ কৰে।
বাক্সা আৰু তামুলপুৰ জিলাত ভাষা গৌৰৱ সপ্তাহ উদযাপনৰ অনুষ্ঠানত ভাষা সংৰক্ষণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত লোৱা প্ৰচেষ্টাৰ বাবে কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। গোৱালপাৰা জিলাত নটসূৰ্য ফণী শৰ্মা ভৱনত আয়োজিত অনুষ্ঠানত অধ্যাপক আৰু ভাষাবিদ ড° লক্ষী হাজৰিকাই অসমীয়া ভাষাৰ ঐতিহ্য উৎস আৰু বিকাশ সন্দৰ্ভত বক্তব্য আগবঢ়ায়। কার্বি আংলং জিলাতো ভাষা গৌৰৱ সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত অসমীয়াৰ লগতে কাৰ্বি ভাষাৰ ব্যুৎপত্তি সাধনৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰা ৰংবং টেৰাঙকে ধৰি বিশিষ্ট সাহিত্যিক সকলক সম্বৰ্ধনা জনোৱা হয়। একেদৰে গোলাঘাট, মাজুলী, শিৱসাগৰ, দৰং, তিনিচুকীয়া, মৰিগাঁও, শোণিতপুৰ আৰু নলবাৰী জিলাতো ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচীত বিশিষ্ট সাহিত্যিক আৰু ভাষাবিদসকলক সম্বৰ্ধনা জনোৱা হয়। তিনিচুকীয়া জিলাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি শ্রম মন্ত্ৰী সঞ্জয় কিষাণে ভাষাৰ বিকাশে জাতি এটাৰ উন্নতিৰ বাট নিৰূপণ কৰে বুলি মন্তব্য কৰে। গোলাঘাট জিলাৰ বীৰাংগনা সতিসাধনী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী কেশৱ মহন্তই কয় যে সুৱদী সুৰীয়া অসমীয়া ভাষাটো জগৎ সভাত স্ব-মর্যাদাৰে মহিমামণ্ডিত ৰূপত বন্দিত হৈ থাকিবলৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে সহায় কৰিব। চৰাইদেউ জিলাৰ সোণাৰি মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচীত উপস্থিত থাকি কেবিনেট মন্ত্রী যোগেন মহনে ২২ গৰাকী বিশিষ্ট ব্যক্তিক সম্বর্ধনা জনায়।
উল্লেখযোগ্য যে চতুর্থ শতিকাৰ পৰা পৰ্যায়ক্রমে অসমীয়া ভাষা সাহিত্যলৈ বৰঙণি যোগোৱা মনিষী, পণ্ডিত আৰু ভাষাবিদসকললৈ কৃতজ্ঞতা জ্ঞাপনৰ লগতে ভাষা গৌৰৱ সপ্তাহৰ বিভিন্ন কাৰ্যসূচীৰ অধীনত প্রকাশন পৰিষদে প্ৰকাশ কৰা ধ্ৰুপদী অসমীয়া শীর্ষক গ্রন্থ নাগৰিকৰ মাজত বিতৰণ কৰা হ’ব। ইয়াৰ লগতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীলৈ এক লাখ নাগৰিকৰ জৰিয়তে কৃতজ্ঞতাসূচক পত্ৰ প্ৰেৰণ কৰাৰ কাৰ্যসূচীও আৰম্ভ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক