ৰাজ্যখনত শেহতীয়াভাৱে ৰীমাল ঘূৰ্ণিবতাহৰ ফলত হোৱা ধাৰাষাৰ বৰষুণে কেইবাখনো জিলাৰ গ্ৰামাঞ্চল আৰু নগৰাঞ্চল প্লাৱিত কৰিছে। ৰাজ্যখনৰ কমেও ৮ খন জিলা নগাঁও, হাইলাকান্দি, পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, কাছাৰ, হোজাই, গোলাঘাট আৰু কাৰ্বি আংলঙৰ ১৪৩ খন গাওঁ বানত ক্ষতিগ্ৰস্ত হৈছে। এই বানত ২৬ হাজাৰৰো অধিক লোক আৰু ১৯৭ হেক্টৰ কৃষি ভূমি ক্ষতিৰ সন্মুখীন হৈছে। এছ ডি আৰ এফ আৰু এন ডি আৰ এফে জিলাসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। বানে কেইবাটাও পথ প্লাৱিত কৰাৰ ফলত কোনো কোনো অঞ্চলত পথ যোগাযোগ ব্যাহত হৈছে। ইফালে, কাছাৰ জিলাৰ নগৰাঞ্চলত হোৱা বানৰ ফলত শিলচৰৰ ৪ সহস্ৰাধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। জিলাখনত বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিও ধুমুহা বৰষুণৰ ফলত বিস্তৰ ক্ষতি হয়। দক্ষিণ শালমাৰা মানকাচৰ জিলাত আজি দিনৰ ভাগত অহা এজাক ধুমুহা বৰষুণৰ ফলত অঞ্চলটোত বিস্তৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। ধুমুহাই কেইবাটাও বাসগৃহ, মোবাইলৰ টাৱাৰ আদি ক্ষতি কৰাৰ লগতে যোগাযোগ ব্যৱস্থা ব্যাহত কৰে। বিশেষকৈ ভুৰাকাটা, কালাপানী, কুকুৰমাৰা, থেকামাৰী, ফুলেচৰ আৰু পাথৰীয়া গাঁও পঞ্চায়ত এলেকাত ধুমুহাত বহু লোক ক্ষতিগ্ৰস্ত হৈছে। ইপিনে, হাটশিঙিমাৰী মানকাচৰ সংযোগী পথত গছ উভালি পৰি যাতায়ত ব্যৱস্থা ব্যাহত হয়। জিলাখনৰ বিভিন্ন স্থানত বিদ্যুৎ পৰিবাহী খুঁটা উভালি পৰাৰ ফলত ঠায়ে ঠায়ে বিদ্যুৎ যোগানো ব্যাহত হৈ আছে। ইফালে, হাটশিঙিমাৰীৰ সমীপৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্ত্তী কালাইৰ আন্নগাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই সমস্যাৰ সৃষ্টি কৰিছে। হাটশিঙিমাৰীৰ পৰা ভাৰত-বাংলাদেশ সীমান্ত সংযোগী একমাত্র পথটো খহনীয়াত জাহ যোৱাৰ আশংকাই দেখা দিছে। ইফালে, সীমান্ত অঞ্চলৰ এই খহনীয়াই নিৰাপত্তাৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে। ইপিনে, নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ ২০খনৰো অধিক গাঁও জলমগ্ন হৈ পৰিছে। মথাউৰি চিগি গাঁওসমূহত পানী সোমোৱাৰ ফলত অঞ্চলটোৰ জনসাধাৰণ বিপদৰ সন্মুখীন হৈছে। কৰিমগঞ্জৰ বিভিন্ন অঞ্চল বাঢ়নী পানীয়ে বুৰাই পেলাইছে। বদৰপুৰৰ কান্দিগ্রাম এলেকাত চিগা মথাউৰিৰে পানী সোমোৱাৰ ,ফলত কেইবাখনো গাঁও প্লাৱিত হৈছে। ইফালে, বৰাক আৰু কুছিয়াৰা নৈ বিপদসীনাৰ ওপৰেৰে বৈ আছে। বদৰপুৰৰ উত্তৰ কান্দিগ্ৰামত বৰাক নৈৰ বানে ৫০ হাজাৰ লোকক গৃহহীন কৰাৰ উপক্ৰম হৈছে। নেৰানেপেৰা বৰষুণৰ ফলত উমৰাংছ’ৰ খান্দং বান্ধৰ সাতখন শ্লুইচ গেট খুলি দিয়াৰ ফলত কপিলী নৈৰ বাঢ়নী পানীয়ে বিস্তীর্ণ অঞ্চল প্লাৱিত কৰিছে।
Site Admin | May 30, 2024 6:31 PM | Flood assam