ৰাজ্যৰ পাঁচটা সমষ্টিত অহা ১৩ নৱেম্বৰত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মাই আজি ধলাই বিধানসভা সমষ্টিত বিজেপি প্রার্থী নিহাৰ ৰঞ্জন দাসৰ হৈ প্ৰচাৰ চলায়। মুখ্যমন্ত্রী শর্মাই কয় যে ধলাই সমষ্টিত বিজেপিৰ উন্নয়নমূলক নীতিৰ পৰা যথেষ্ট লাভান্বিত হৈছে।
কালি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ হৈ দলটোৰ কেন্দ্ৰীয় নেতা জিতেন্দ্র সিঙে সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলায়। এই সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিধায়ক খলিলউদ্দিন মজুমদাৰকে ধৰি কংগ্ৰেছৰ কেইবাজনো নেতাই অংশগ্ৰহণ কৰে। বিধানসভাত বিধোৰী পক্ষৰ নেতা তথা কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াই কালি বঙাইগাঁও সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ্গৰাকীৰ হৈ চিৰাঙৰ বৈখুন গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলায়। নেতাগৰাকীয়ে এইবাৰ বঙাইগাঁও সমষ্টিত কংগ্ৰেছে এইবাৰ ভাল ফলাফল দেখুৱাব বুলিও আশা প্রকাশ কৰে। ইপিনে, এ আই ইউ ডি এফৰ নেতা বদৰুদ্দিন আজমলে ৰাজ্যখনৰ আসন্ন উপ-নির্বাচনত ধৰ্ম নিৰপেক্ষ প্ৰাৰ্থীৰ হকে ভোটদান কৰিবলৈ আহ্বান জনাইছে। নেতাগৰাকীয়ে কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এইদৰে আহ্বান জনায়। উল্লেখযোগ্য যে এ আই ইউ ডি এফে উপ নির্বাচনত প্রার্থী প্ৰক্ষেপ কৰা নাই।
Site Admin | November 5, 2024 2:27 PM | Assambly Bye Election | bye Election | CMO Assam | Dholai LAC | Himanta Biswa Sarma