উচ্চতম ন্যায়ালয়ে ধর্মীয় উপাসনা স্থান আইনৰ অধীনত নতুনকৈ কোনো আবেদন আদালতত গ্রহণ নকৰিবলৈ নিৰ্দেশ দিছে। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না নেতৃত্বাধীন উচ্চতম ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে আজি বৰ্তমান বিচাৰাধীন হৈ থকা কোনো আবেদনৰ ক্ষেত্ৰতো উচ্চতম ন্যায়ালয়ৰ আদেশ অবিহনে অন্য আদালতে কোনো নিৰ্দেশ দিব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে। ন্যায়াধীশ সঞ্জয় কুমাৰ, ন্যায়াধীশ কে ভি বিশ্বনাথন আৰু মুখ্য ন্যায়াধীশ খান্নাক লৈ গঠিত খণ্ড আদালতে ১৯৯১ চনৰ ধৰ্মীয় উপাসনা স্থান আইনৰ বৈধতাৰ প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনকেইখনৰ শুনানি একেলগে লোৱাৰ সন্দৰ্ভত চাৰি সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিয়ে। আবেদনকাৰীসকলে ১৯৯১ চনৰ এই আইনখনৰ দ্বাৰা দেশত ১৯৪৭ চনৰ ১৫ আগষ্টত থকা কোনো ধৰ্মীয় উপাসনাস্থলীৰ স্থিতি সলনি কৰিব নোৱৰা ব্যৱস্থাটোৰ আইনী বৈধতাৰ প্ৰশ্ন তুলিছিল। এই গোচৰটোত জ্যেষ্ঠ অধিবক্তা ইজাজ মকবুল, কানু আগৱৰাল আৰু বিষ্ণু শংকৰ জৈনক আবেদনকাৰী, কেন্দ্ৰীয় চৰকাৰ আৰু আইনখন সমর্থনকাৰীসকলৰ আবেদনসমূহ এক গোট কৰিবলৈ দায়িত্ব দিয়া হৈছিল। বিগত বছৰসমূহত এই আইনখন প্ৰত্যাহাৰৰ বাবে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি কেইবাখনো আবেদন দাখিল কৰা হৈছিল।
Site Admin | December 12, 2024 8:11 PM | SC Direction