দৰং জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত জিলাখনৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ৰ সহযোগত অহা ৮ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে উপ-ৰাষ্ট্ৰীয় পলিঅ’ দিৱস উদযাপন কৰা হ’ব। এই কাৰ্যসূচীৰ অধীনত জিলাখনৰ ৫ বছৰ তলৰ এক লাখ ৪০ হাজাৰ ৭১৩টা শিশুক ৮৫৭টা কেন্দ্ৰত প্ৰতিষেধক দিয়া হ’ব। ইতিমধ্যে ৩৪৯ গৰাকী এ এন এম, এহেজাৰ ১০ গৰাকী আশাকর্মী, এহেজাৰ ১১৯ গৰাকী অংগনৱাড়ী কৰ্মী, ২১১ গৰাকী পৰিদৰ্শক আৰু ২৯১ গৰাকী স্বেচ্ছাসেৱকক এই কাৰ্যসূচীত নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে ৮ ডিচেম্বৰত মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চৌহদত উপ-ৰাষ্ট্ৰীয় পলিঅ’ দিৱসৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
Site Admin | December 5, 2024 9:04 PM | Assam | Darang District | polio Drop | Polio Vaccine