দৰং জিলাৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান জিপছী গিল্ডৰ উদ্যোগত গল্প নাটৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানৰ অংশ হিচাপে আজি গিল্ডৰ ৰংগশালাত অপু ভৰদ্বাজ ৰচিত মূল গল্প যা, গৈ আছোৰ আধাৰত ৰচিত এখন নাট মঞ্চস্থ কৰা হ’ব। লগতে কবি, সাহিত্যিক জীৱনানন্দ দাসৰ ১২৫ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি কবিগৰাকীৰ অপূৰ্ব সৃষ্টি বনলতা সেন নামৰ কবিতাটোৰ আবৃত্তি অনুষ্ঠানৰো আয়োজন কৰা হৈছে। বিশিষ্ট নাট্যকাৰ, পৰিচালক ডাঃ ধ্ৰুৱজ্যোতি চহৰীয়াই এই কবিতাটি আবৃত্তি কৰিব। একেদৰে বনলতা সেন সন্দৰ্ভত মৌচুমী বংশবনিকে আলোকপাত কৰিব। জিলাখনৰ অগ্ৰণী সংস্থা জিপছী গিল্ডে দুদিনীয়াকৈ আয়োজন কৰা গল্প নাটৰ অনুষ্ঠানটোত কালি প্ৰথম নিশাৰ কাৰ্যসূচীত মনোজ কুমাৰ গোস্বামীৰ দ্বাৰা ৰচিত মূল গল্প কিউৰ আধাৰত নাট মঞ্চস্থ কৰে।
Site Admin | February 23, 2025 7:00 PM | Darrang District social-cultural program
দৰং জিলাৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান জিপছী গিল্ডৰ উদ্যোগত গল্প নাটৰ বিশেষ অনুষ্ঠান
