August 26, 2024 11:34 AM | Pabitra magharita

printer

দ্বীপ ৰাষ্ট্র কিংডম অব টাংগালৈ ৰাওনা হ’ব বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা

লেটিন আমেৰিকাৰ পাঁচখন ৰাষ্ট্ৰ ভ্ৰমণৰ পিছত বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই এইবাৰ কাইলৈ নতুন দিল্লীৰ পৰা পূবৰ দ্বীপ ৰাষ্ট্র কিংডম অব টাংগালৈ ৰাওনা হ’ব। এই ভ্রমণকালত সাংসদগৰাকীয়ে কেইবাখনো দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ উপৰি প্ৰশান্ত মহাসাগৰীয় দ্বীপ মঞ্চৰ সন্মিলনতো ভাষণ দিব। উল্লেখ্য যে, ৫৩ সংখ্যক প্রশান্ত মহাসাগৰীয় দ্বীপ মঞ্চৰ সন্মিলনত প্ৰথমবাৰৰ বাবে ভাৰতৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে অংশগ্রহণ কৰিব। ২৯ আগষ্টলৈকে দেশখনত বিভিন্ন কার্যসূচীত অংশগ্রহণ কৰিবলগীয়া কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ভ্ৰমণসূচী সন্দৰ্ভত ইতিমধ্যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক