প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প’লেণ্ড আৰু ইউক্রেইনৰ দ্বিদেশীয় ভ্রমণসূচীৰ তৃতীয় তথা অন্তিম পর্যায়ত আজি কীভত উপস্থিত হয়। প’লেণ্ডৰ পৰা ৰে’লেৰে কীভত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীক ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে বিপুলভাৱে আদৰণি জনায়। শ্ৰী মোদীয়ে কীভস্থিত ইউক্রেইনৰ ৰাষ্ট্ৰীয় ইতিহাস সংগ্ৰহালয়ত মাল্টিমিডিয়া শিশু শ্বহীদ প্ৰদৰ্শনী পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কীয়ে প্রধানমন্ত্রীক সংগ দিয়ে। দুয়োগৰাকী নেতাই শিশুৰ স্মৃতিৰ প্ৰতি সন্মান জনায়। সংঘৰ্ষত প্ৰাণ হেৰুওৱা শিশুৰ স্মৃতি হিচাপে আয়োজন কৰা এই প্রদর্শনীয়ে প্ৰধানমন্ত্ৰী মোদীৰ হৃদয়ত গভীৰ চাপ পেলায়। তেওঁ কণ কণ শিশুৰ প্রাণহানিক লৈ গভীৰ শোক প্ৰকাশ কৰে আৰু এটা পুতলাৰে শিশুসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰ পূৰ্বে প্রধানমন্ত্রী মোদীয়ে কীভত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। এই উপলক্ষে প্রধানমন্ত্ৰী মোদীয়ে এখন সম্প্ৰীতিৰে ভৰা সমাজ নিৰ্মাণৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ শান্তিৰ বাৰ্তাৰ শ্বাস্বত প্ৰাসংগিকতাত আলোকপাত কৰে। তেওঁ কয় যে গান্ধীয়ে দেখুৱাই থৈ যোৱা পথে বৰ্তমানৰ গোলকীয় প্ৰত্যাহ্বানৰ সমাধান সূত্ৰ দি আহিছে। ১৯৯২ চনত ভাৰত আৰু ইউক্রেইনৰ মাজত কূটনৈতিক সম্পর্ক স্থাপন হোৱাৰ পাছত এয়া হৈছে কোনো ভাৰতীয় প্রধানমন্ত্ৰীৰ প্ৰথম ইউক্রেইন ভ্রমণ। ভ্রমণকালত শ্ৰীমোদী আৰু ৰাষ্ট্ৰপতি জেলেনস্কীয়ে অর্থনৈতিক আৰু বাণিজ্যিক সম্পর্ক, কৃষি, আন্তঃগাঠনি, স্বাস্থ্য আৰু শিক্ষা, ভেষজ, প্ৰতিৰক্ষা, সংস্কৃতি আৰু জনসম্পর্ককে ধৰি দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশৰ আলোচনা কৰিব। দুয়োগৰাকী নেতাৰ মাজৰ আলোচনাত ইউক্রেইনৰ বৰ্তমানৰ সংঘৰ্ষৰ বিষয়টোৱে স্থান লাভ কৰিব। ভাৰতে এই সমস্যাৰ সমাধানৰ বাবে কূটনীতি আৰু আলোচনাৰ পোষকতা কৰি আহিছে। প্ৰধানমন্ত্ৰী মোদীৰ এই ঐতিহাসিক ভ্রমণে দ্বিপাক্ষিক সম্পৰ্কৰ সম্প্ৰসাৰণত সহায় কৰিব।
Site Admin | August 23, 2024 7:09 PM | PM Ukraine Visit