April 8, 2024 8:07 PM | Nomination

printer

দ্বিতীয় পৰ্যায়ত ৫ টা সমষ্টিত ৬১ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ মনোনয়ন প্রত্যাহাৰৰ আজি অন্তিম দিনা ৰাজ্যখনত এগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰাৰ ফলত এই পৰ্যায়ত ৬১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈছে। আজি ডিফু সমষ্টিত এগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰে। এই পৰ্যায়ত দৰং, ওডালগুৰি সমষ্টিত ১১ গৰাকী, দিফুত ৫, কৰিমগঞ্জত ২৪, শিলচৰত ৮ আৰু নগাঁও সমষ্টিত ১৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। এই পৰ্যায়ত বিজেপিৰ হৈ দৰং-ওদালগুৰিত সাংসদ দিলীপ শ‍ইকীয়া, কৰিমগঞ্জত কৃপানাথ মাল্লা, শিলচৰত পৰিমল শুক্লবৈদ্য, নগাঁৱত সুৰেশ বৰা আৰু ডিফুত অমৰ সিং টিছ’ৱে প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰ বিপৰীতে নগাঁৱত কংগ্ৰেছ দলৰ প্ৰদ্যুৎ বৰদলৈ, শিলচৰত দলটোৰ প্ৰাৰ্থী সূর্যকান্ত সৰকাৰ, দৰং-ওদালগুৰিত মাধৱ ৰাজবংশী, কৰিমগঞ্জত হাফিজ ৰচিদ আহমেদ চৌধুৰী আৰু ডিফুত জয়ৰাম ইংলেঙে প্রতিদ্বন্দ্বিতা আগবঢ়াব। এই পৰ্যায়ত শিলচৰত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী, প্ৰাক্তন সাংসদ ৰাধেশ্যাম বিশ্বাস, ওদালগুৰিত বিপি এফৰ দুৰ্গাদাস বড়ো আৰু কৰিমগঞ্জত এ আই ইউ ডি এফৰ নেতা চাহাবুল ইছলাম চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ।

অধিক পঢ়ক

সকলো চাওক