ডাউনলোড
মোবাইল এপ

android apple
signal

April 20, 2024 8:02 PM | election updates

printer

কাইলৈ শিলচৰত অমিত শ্বাহৰ ৰোড শ্ব’

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে। দ্বিতীয় পৰ্যায়ত ৰাজ্যখনত ৫ টা সমষ্টি- দৰং-ওদালগুৰি, কৰিমগঞ্জ, ডিফু, শিলচৰ আৰু নগাওঁ সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হব। ৰাজনৈতিক দলসমূহে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত সমষ্টিসমূহৰ বিভিন্ন স্থানত প্ৰচাৰ অব্যাহত ৰাখিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ সন্ধিয়া শিলচৰত এন ডি এৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ প্ৰচাৰ চলাব। একেদৰে কংগ্ৰেছ দলেও সমষ্টিকেইটাত প্ৰচাৰ অব্যাহত ৰাখিছে আৰু দলৰ শীৰ্ষ নেতৃত্বই ৰাজ্যখনত অলপতে প্ৰচাৰ চলোৱাৰ কথা। কাইলৈ দলৰ ৰাষ্ট্রীয় সভাপতি মল্লিকার্জুন খাৰ্গে শিলচৰত প্ৰচাৰ চলোৱাৰ কথা আছিল যদিও প্রতিকুল বতৰৰ বাবে এই কাৰ্যসূচী বাতিল কৰা হয়। আজি ৰাজ্যৰ জ্যেষ্ঠ বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই এন ডি এৰ মনোনীত প্ৰাৰ্থী কৃপানাথ মল্লাহৰ হৈ কৰিমগঞ্জ, বৰখলা, ধলাই আৰু হাইলাকান্দিকে ধৰি বৰাক উপত্যকাৰ বিভিন্ন ঠাইত কেইবাখনো নির্বাচনী সভা আৰু ৰোড শ্বত অংশগ্ৰহণ কৰে। ইফালে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকাই মৰিগাঁও জিলাৰ মিকিৰভেটাত অনুষ্ঠিত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সভাত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ লগতে দলীয় কর্মকর্তাসকলেও অংশগ্রহণ কৰে। সভাত মন্ত্ৰীগৰাকীয়ে বিজেপিৰ নিৰ্বাচনী সংকল্পসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰে। আনহাতে নগাঁও সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ৰহা বিধানসভা সমষ্টিৰ কচুৱা তিনিআলিত অনুষ্ঠিত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰে। প্ৰাৰ্থীগৰাকীয়ে বিৰোধী পক্ষক কঠোৰ ভাষাৰে সমালোচনা কৰি জনসাধাৰণক বিবেকৰ দ্বাৰা পৰিচালিত হৈ ভোটদান কৰিবলৈ আহ্বান জনায়। তামুলপুৰৰ কাউৰবাহাত আজি দৰং ওদালগুৰি সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী দুৰ্গা দাস বড়োৰ হৈ দলৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলায় ৷ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মহিলাৰীয়ে বিজেপি মিত্ৰজোটক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

অধিক পঢ়ক

সকলো চাওক