দ্বিতীয় পৰ্যায়ত ১৮ খন সম-জিলাৰ কাৰ্যালয় মুকলি কৰা হ’ব

প্ৰশাসনীয় ব্যৱস্থা নিয়াৰিকৈ পৰিচালনাৰ লক্ষ্যৰে আজি দ্বিতীয় পৰ্যায়ত ১৮ খন সম-জিলাৰ কাৰ্যালয় মুকলি কৰা হ’ব। আজি জালুকবাৰী, নতুন গুৱাহাটী, দিছপুৰ, ডিমৰীয়া, অভয়াপুৰী, ৰহা, লামডিং, লাহৰিঘাট, জাগীৰোড, ঢেকীয়াজুলী, ডুমডুমা, নাহৰকটীয়া, দুলিয়াজান, তিখং, নাজিৰা, ডিমৌ, মাহমৰা আৰু লক্ষিপুৰত সমজিলাৰ কাৰ্যালয় মুকলি কৰা হ’ব। জালুকবাৰী, নিউ-গুৱাহাটী সমজিলাখন আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰাৰ বিপৰীতে কামৰূপ মহানগৰ জিলাত গঠন হ’বলগীয়া আন দুখন সমজিলা দিছপুৰ আৰু ডিমৰীয়া মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু অতুল বৰাই উদ্বোধন কৰিব। আনহাতে বঙাইগাঁও জিলাৰ অভয়াপুৰী সমজিলাখন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে, নগাঁও জিলাৰ ৰহা সমজিলাখন মন্ত্ৰী অজন্তা নেওগে, লামডিং সমজিলা মন্ত্রী নন্দিতা গালোচা, মৰিগাঁও-লাহৰিঘাট সমজিলা মন্ত্ৰী কেশৱ মহন্তই, জাগীৰোড সমজিলা মন্ত্ৰী পীযুষ হাজৰিকাই উদ্বোধন কৰিব। একেদৰে ঢেকীয়াজুলী সমজিলাখন মন্ত্রী অশোক সিংহলে, ডুমডুমা সমজিলাখন সঞ্জয় কিষানে, নাহৰকটীয়া, মাহমৰা সমজিলা যোগেন মহনে, দুলীয়াজান, টিংখং, নাজিৰা সমজিলা মন্ত্ৰী বিমল বৰাই, ডিমৌ সমজিলা মন্ত্ৰী ৰণোজ পেগুৱে আৰু লক্ষিপুৰ সমজিলাখন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই উদ্বোধন কৰিব । এই প্ৰশাসনিক সংস্কাৰমূলক ব্যৱস্থাৰ দ্বাৰা এতিয়াৰে পৰা সাধাৰণ নাগৰিকে ভূমি ৰাজহ দণ্ডাধীকাৰ, উন্নয়ন জনকল্যাণমূলক আঁচনি ৰূপায়ণ, খাদ্য আৰু অসামৰিক যোগান, আবকাৰী আদি বিভিন্ন জিলা পৰ্যায়ৰ সেৱাসমূহ সমজিলাৰ কাৰ্যালয়তে লাভ কৰিব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সমজিলা মুকলি সন্দৰ্ভত সামাজিক মাধ্যমযোগে কয় যে, ৰাজ্যত মহকুমা ব্যৱস্থাটোৰ বিলুপ্তি ঘটোৱা হৈছে। ৰাজ্যত কোনো মহকুমা নাথাকিব । মহকুমাক এতিয়াৰে পৰা সমজিলা হিচাপে জনা যাব। সমজিলা মানে জিলাৰ প্ৰায় সমান, এই ব্যৱস্থাই জনসাধাৰণক চৰকাৰী সেৱাসমূহ লাভ কৰাত অধিক উপকৃত কৰিব।

অধিক পঢ়ক

সকলো চাওক