ডাউনলোড
মোবাইল এপ

android apple
signal

দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ বাবে ৰাজ্যজুৰি ব্যাপক আয়োজন

সমাগত দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ বাবে ৰাজ্যজুৰি ব্যাপক আয়োজন চলিছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে ৰাজ্যৰ প্ৰান্তে প্রান্তে দৌল উৎসৱক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে।

বৰপেটা সত্ৰত পৰহিলৈৰ পৰা ৪ দিনীয়াকৈ দৌল উৎসৱৰ আয়োজন কৰা হৈছে। পৰহিলৈ গোন্ধ যাত্ৰা, ১৪ আৰু ১৫ মাৰ্চত ভৰ দৌল আৰু ১৬ মাৰ্চত সত্ৰ চৌহদত সুঁৱেৰি বা ফাকুৱা উদযাপন কৰা হ’ব। উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰত পৰহিলৈৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ পূব শৰণীয়াৰ শ্ৰীমন্ত নামঘৰৰ কলাকৃষ্টি কেন্দ্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে পৰহিলৈৰ পৰা দৌল উৎসৱ উদযাপন কৰা হ’ব। দৌল উৎসৱ উপলক্ষে কামৰূপ মহানগৰ জিলাত ১৫ মাৰ্চত স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে। সেইদিনা জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, বিত্তীয় অনুষ্ঠান আদি বন্ধ থাকিব। অৱশ্যে ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন প্রক্রিয়া, পৰীক্ষা আৰু আন জৰুৰীকালীন সেৱাত নিয়োজিত বিষয়া, কৰ্মচাৰী আৰু শিক্ষকসকলক স্থানীয় বন্ধৰ আওতাৰ পৰা ৰেহাই দিয়া হৈছে।

অধিক পঢ়ক

সকলো চাওক