September 17, 2024 8:27 PM | PM Modi

printer

দেশ মহিলা, খেতিয়ক, যুৱ প্ৰজন্ম, দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ সম অংশগ্ৰহণেৰে বিকশিত ভাৰত গঢ়াৰ দিশে ক্ষীপ্ৰ গতিত আগবাঢ়িছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, দেশ মহিলা, খেতিয়ক, যুৱ প্ৰজন্ম, দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ সম অংশগ্ৰহণেৰে বিকশিত ভাৰত গঢ়াৰ দিশে ক্ষীপ্ৰ গতিত অগ্ৰসৰ হৈছে। ওড়িয়াৰ ভূৱনেশ্বৰৰ জনতা ময়দানত আজি বিয়লি এখন সংবাদ মেলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰৰ তৃতীয় কাৰ্যকালৰ এশ দিন সম্পূৰ্ণ হৈছে আৰু এই সময়ছোৱাত ভালেমান প্ৰকল্প আৰু আঁচনি আৰম্ভ কৰা হৈছে। তেওঁ কয় যে, তৃতীয় কার্যকালৰ প্ৰথম এশ দিনৰ ভিতৰত গৃহহীন লোকৰ বাবে ৩ কোটি পকী ঘৰৰ নিৰ্মাণ, ২৫ হাজাৰ গাওঁত পকী পথ নির্মাণ, চিকিৎসা মহাবিদ্যালয়ত ৭৫ হাজাৰৰো অধিক অতিৰিক্ত আসন, চৰকাৰী কৰ্মচাৰীৰ বাবে নতুন পেঞ্চন আঁচনি আৰু ব্যক্তিগত ক্ষেত্ৰত কৰ্মৰত যুৱক-যুৱতীসকলৰ বাবে প্ৰথম চাকৰি তথা প্ৰথম বেতনৰ লেখিয়া ভালেমান কামত অনুমোদন জনোৱা হৈছে। তেওঁ কয় যে, দেশৰ জনসাধাৰণে ভাৰতবৰ্ষ বিকশিত ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠা লাভ কৰাত বাধা প্ৰদানৰ বাবে ঘৃণা আৰু হিংসাত বিশ্বাস কৰা সকলৰ পৰা আঁতৰি থকা উচিত। এই উপলক্ষে প্রধানমন্ত্রীয়ে ওড়িশা চৰকাৰৰ মহিলা কেন্দ্ৰিক উদ্যম সূভদ্রা যোজনাৰ লগতে ভালেমান ৰেল আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প মুকলি কৰে ।

অধিক পঢ়ক

সকলো চাওক