দেশ-বিদেশৰ পৰ্যটকৰ বাবে আজি আনুষ্ঠানিকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি

দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু তথা বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজি মুকলি কৰা হৈছে। বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি আনুষ্ঠানিকভাৱে উদ্যানখন মুকলি কৰে। অনুষ্ঠানত মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তৰ লগতে সাংসদ কামাখ্যা প্রসাদ তাছা উপস্থিত থাকে। ইয়াৰ পাছতে আটাইকেইগৰাকী নেতাই ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী কৰে।
উল্লেখযোগ্য যে যোৱা বছৰৰ ৩১ মে’ত ৰাষ্ট্ৰীয় উদ্যানখনত পৰ্যটন বৰ্ষৰ সামৰণি পৰাৰ পাছত আজি মুকলি কৰা হয়। অৱশ্যে প্ৰথম অৱস্থাত পৰ্যটকসকলৰ বাবে কেৱল জীপ ছাফাৰীৰ ব্যৱস্থা থাকিব। অহা ১ নৱেম্বৰৰ পৰা পৰ্যটকসকলে হাতী ছাফাৰীৰ সুবিধা লাভ কৰিব। আজি উদ্যোনখনৰ কাজিৰঙা বনাঞ্চল, বাগৰি বনাঞ্চল আৰু বুঢ়া পাহাৰ বনাঞ্চলৰ কিছু অংশহে পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয়।
ইফালে আজি ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্র প্রকল্পও পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ এটা খৰ্গযুক্ত গঁড়ৰ বিচৰণৰ্থলী আৰু মাটিকালিৰ ক্ষেত্ৰত এছিয়াৰ ভিতৰতে বাঘৰ ঘন বসতি থকা এই উদ্যানখনৰ পথসমূহ মেৰামতি কৰি জীপ ছাফাৰীৰ বাবে উপযোগী কৰি তোলা হৈছে। এইবাৰ পৰ্যটকসকলৰ সুবিধার্থে বন বিভাগে নিজাকৈ ৬টা কোঠাৰ ইক’ কেম্প মুকলি কৰিছে।

অধিক পঢ়ক

সকলো চাওক