October 16, 2024 6:03 PM | DR. S. joysankar

printer

দেশ এখনৰ উন্নয়ন তথা বিকাশ দেশখনৰ শান্তি আৰু সুস্থিৰতাৰ ওপৰত নিৰ্ভৰ কৰেঃ বিদেশ মন্ত্রী ড০ এছ জয়শংকৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে কৈছে যে, দেশ এখনৰ উন্নয়ন তথা বিকাশ দেশখনৰ শান্তি আৰু সুস্থিৰতাৰ ওপৰত নিৰ্ভৰ কৰে। মন্ত্ৰীজনে লগতে দুখন ৰাষ্ট্ৰৰ মাজত বাণিজ্য, শক্তি প্ৰৱাহ সংযোগ আৰু জনসাধাৰণৰ মাজৰ বিনিময়ৰ প্ৰচেষ্টাক দুৰ্বল কৰা সন্ত্রাসবাদ, উগ্রবাদ আৰু বিচ্ছিন্নতাবাদ আদি সীমান্তৰ কার্যকলাপসমূহকো সতৰ্ক কৰি দিয়ে। আজি পাকিস্তানৰ ইছলামাবাদত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ বৈঠকত মন্ত্ৰীগৰাকী ভাষণ দি এই কথা প্ৰকাশ কৰে। বিদেশ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, অত্যাধিক জলবায়ু পৰিঘটনা, যোগান শৃংখলাৰ অনিশ্চিয়তা আৰু বিত্তীয় অস্থিৰতাৰ দৰে ব্যাঘাতসমূহে ইতিমধ্যে বিশ্বজুৰি উন্নয়ন তথা বিকাশত প্ৰভাৱ পেলাইছে। মন্ত্ৰীগৰাকীয়ে ঋণ সন্দৰ্ভতো উদ্বেগ প্রকাশ কৰি ইয়াক এক গুৰুতৰ বিষয় বুলি অভিহিত কৰিছে। দুখন ৰাষ্ট্ৰৰ মাজৰ সহযোগিতা ৰাষ্ট্ৰদুখনৰ পাৰস্পৰিক সন্মান, সমতা আৰু অখণ্ডতাৰ স্বীকৃতিৰ ওপৰত আধাৰিত হ’ব লাগে বুলিও মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। বিভিন্ন খণ্ডত সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি ড০ জয়শংকৰে কয় যে, সামূহিক প্রচেষ্টাই সম্পদ একত্রিত কৰাৰ লগতে বিনিয়োগ আকৰ্ষণ আৰু ব্যৱসায়িক সংযোগ সম্প্ৰসাৰণ কৰিব পাৰে। মন্ত্ৰীগৰাকীয়ে লগতে নৱীকৰণযোগ্য শক্তিৰ প্ৰচাৰ কৰা আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতাৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্বৰ বিষয়তো আলোকপাত কৰে। ডিজিটেল আন্তঃগাঁথনিৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে মিছন লাইফ, যোগ আৰু বাজৰাৰ গুৰুত্বৰ সন্দৰ্ভতো মত প্ৰকাশ কৰে। ভাষণত ড০ জয়শংকৰে ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ বাবেও জোৰ দিয়ে। তেওঁ কয় যে ৰাষ্ট্ৰসংঘৰ বিশ্বাসযোগ্যতা আৰু কাৰ্যকৰিতাৰ ব্যাপক সংস্কাৰৰ জৰিয়তে উন্নয়নশীল দেশসমূহৰ প্ৰতিনিধিত্ব নিশ্চিত কৰাৰ ওপৰত নিৰ্ভৰশীল।

অধিক পঢ়ক

সকলো চাওক