ডাউনলোড
মোবাইল এপ

android apple
signal

দেশ ইতিমধ্যে ১৯.৬ শতাংশ ইথানল মিহলিৰ লক্ষ্যত উপনীত হৈছেঃ হৰদীপ সিং পুৰী

ভাৰতে পেট্ৰ’লৰ সৈতে মিহলি কৰা ইথানলৰ পৰিমাণ ২০ শতাংশতকৈও অধিক কৰাৰ কথা বিবেচনা কৰিছে বুলি কেন্দ্ৰীয় পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। গুৱাহাটীৰ খানাপাৰাত কালি সামৰণি পৰা বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয়, যে দেশ ইতিমধ্যে ১৯.৬ শতাংশ ইথানল মিহলিৰ লক্ষ্যত উপনীত হৈছে। তেওঁ উন্নয়নমূলক প্ৰত্যাহ্বান সত্বেও দেশৰ জীৱাশ্ম ইন্ধন কোম্পানীসমূহে ২০৪৫ চনৰ ভিতৰত শূন্য কার্বন নিস্কাষণৰ লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা আছে বুলি ভাষণত উল্লেখ কৰে।
অসমৰ শক্তি আন্তগাঁথনি সুদৃঢ়কৰণৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে আলোকপাত কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এডভান্টেজ আছামৰ যোৱা বাৰৰ সংস্কৰণত পেট্রোলিয়াম মন্ত্রালয়ে বাৰাউনীৰ পৰা নুমলীগড়লৈ ১,৬০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ গেছ গ্রীড সম্প্ৰসাৰণৰ পৰিকল্পনাৰ বিষয়ে ঘোষণা কৰিছিল বুলি উল্লেখ কৰে। নুমলীগড় শোধনাগাৰৰ শোধন ক্ষমতা ৯ নিযুত টনলৈ বৃদ্ধি পোৱা বুলি জানিবলৈ দি ড০ শর্মাই কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীগৰাকীক বঙাইগাঁও শোধনাগাৰৰ শোধন ক্ষমতা বৃদ্ধিৰ বাবেও আহ্বান জনায়। ইয়াৰ লগতে বিকল্প শক্তি উৎসৰ ক্ষেত্ৰতো অসমে প্রভূত বিকাশ সাধন কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। যোৰহাটত সৌৰশক্তি ব্যৱহাৰেৰে দৈনিক ১০ কিলোগ্রাম সেউজ হাইড্ৰ’জেন উৎপাদন প্রকল্প আৰম্ভ হোৱাৰ বিষয়েও ড০ শৰ্মাই কালি বিনিয়োগ সন্মিলনত উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক