দেশৰ ৯৩ টা সমষ্টিত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত শান্তিপূর্ণভাৱে ভোটগ্রহণ

দেশৰ ১০ খন ৰাজ্যৰ লগতে কেন্দ্ৰীয়শাসিত অঞ্চল দাদৰ-নগৰ হাভেলি আৰু দমন-ডিউৰ মুঠ ৯৩ টা সমষ্টিত আজি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ হৈছে। শান্তিপূর্ণভাৱে চলা ভোটগ্রহণ প্ৰক্ৰিয়াত ভোটদাতাসকলৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হৈছে। গুজৰাটৰ ২৫ টা, কৰ্ণাটকৰ ১৪ টা, মহাৰাষ্ট্ৰৰ ১১ টা, উত্তৰ প্ৰদেশৰ ১০ টা, মধ্য প্ৰদেশৰ ৯টা, ছত্তিশগড় ৭টা, বিহাৰৰ ৫টা, অসমৰ ৪টা, পশ্চিমবংগৰ ৪টা, গোৱাৰ দুটা সমষ্টিৰ লগতে কেন্দ্রীয় শাসিত দাদৰ-নগৰ হাভেলি আৰু দমন-ডিউৰ এটাকৈ সমষ্টিত আজি ভোটগ্ৰহণ কৰা হৈছে। শেহতীয়া তথ্য অনুসৰি তৃতীয় পৰ্যায়ত দিনৰ পাঁচ বজা পর্যন্ত সামগ্রিক ভাবে ৬০.১৯ শতাংশ ভোটদান হৈছে। গুজৰাটত ৫৫.২২ শতাংশ, বিহাৰ ৫৬.০১, ছট্টিশগড় ৬৬.৮৭, দাদৰ-নগৰ হাভেলি ৬৫.২৩, গোৱা ৭২.৫২, কর্ণাটক ৬৬.০৫, মধ্য প্ৰদেশ ৬২.২৮, মহাৰাষ্ট্ৰ ৫৩.৪০, উত্তৰ প্ৰদেশত ৫৫.১৩, পশ্চিমবংগত ৭৩.৯৩ শতাংশ ভোটদান হৈছে। বেছিভাগ সমষ্টিতে পুৱা ৭ বজাত ভোটগ্রহণ প্ৰক্ৰিয়া আৰম্ভ হয়। আনহাতে, সন্ধিয়া ৬ বজাত ভোটগ্ৰহণৰ সামৰণি পৰে। অৱশ্যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু বাঁওপন্থী উগ্ৰপন্থীৰ প্ৰভাৱ থকা অঞ্চলসমূহত ভোটগ্রহণ প্ৰক্ৰিয়াৰ সময়ৰ তাৰতম্য পৰিলক্ষিত হৈছে। অসমত বিয়লি ৫ বজাত ভোটদান প্ৰক্ৰিয়াৰ সামৰণি পৰে। মধ্য প্ৰদেশৰ বেটুল সমষ্টিত ভোটগ্রহণ দ্বিতীয় পৰ্যায়ত কৰাৰ কথা আছিল যদিও বি এছ পি প্রার্থীগৰাকীৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোৰ ভোটগ্রহণ তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হৈছিল। সেই অনুসৰি বেটুল সমষ্টিতো আজি ভোটগ্ৰহণ কৰা হৈছে। ইপিনে, এই পর্যায়তে জম্মু-কাশ্মীৰৰ অনন্তনাগ-বাজৌৰী সমষ্টিত ভোটগ্রহণ কৰাৰ কথা আছিল যদিও সমষ্টিটোৰ ভোটগ্রহণ ষষ্ঠ পৰ্যায়লৈ পিছুৱাই দিয়া হৈছে। গুজৰাটৰ চুৰাট সমষ্টিত বিজেপি প্রার্থীগৰাকী বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ পৰিপ্ৰেক্ষিতত এই পৰ্যায়ত নির্বাচন হ’বলগীয়া সমষ্টিৰ সংখ্যা ৯৩ লৈ হ্ৰাস হয়।  আমাৰ সংবাদদাতাসকলে জনোৱা অনুসৰি দেশৰ ভিন্ন প্ৰান্তৰ ভোটগ্রহণ কেন্দ্ৰসমূহত পুৱাৰেপৰা ভোটদাতাৰ দীঘলীয়া শাৰী দেখা গৈছে। বিশেষকৈ যুৱ আৰু মহিলা ভোটদাতাসকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হয়। তৃতীয় পৰ্যায়ত মুঠ ১,৩৩১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। এই প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ উল্লেখযোগ্য প্রার্থী হৈছে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, কেন্দ্রীয় মন্ত্রী মনসুখ মন্দাভিয়া, জ্যোতিৰাদিত্য সিন্ধিয়া, নাৰায়ণ বানে, পৰষোত্তম ৰূপালা, প্রহ্লাদ যোশী, শিৱৰাজ সিং চৌহান আৰু বাসৱৰাজ বোম্মাই। আনহাতে, অন্যান্য উল্লেখযোগ্য প্রার্থী হৈছে কংগ্ৰেছৰ দিগ্বিজয় সিং আৰু অধীৰৰঞ্জন চৌধুৰী, সমাজবাদী প্রার্থীৰ ডিম্পল যাদৱ, এন চি পি শাবদ পাৱাৰ গোটৰ সুপ্রিয়া সুলে আদি। উল্লেখযোগ্য যে, ভাৰতৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ প্ৰত্যক্ষদৰ্শী হ’বলৈ ২৩ খন দেশৰ ৭৫ গৰাকী প্ৰতিনিধি ভাৰতলৈ আহিছে। তেওঁলোকে ছখন ৰাজ্যৰ ভোটকেন্দ্ৰসমূহ পৰিদৰ্শন কৰিব।

অধিক পঢ়ক

সকলো চাওক