দেশৰ ৮খন ৰাজ্যৰ ৪৯টা সমষ্টিৰ বাবে কাইলৈ লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত কাইলৈ দেশৰ ৮খন ৰাজ্যৰ ৪৯টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। এই পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কালি বিয়লি সামৰণি পৰে। কাইলৈ বিজেপিৰ ৰাজনাথ সিং, স্মৃতি ইৰাণী, পীযূষ গোৱেলৰ লগতে কংগ্ৰেছৰ ৰাহুল গান্ধী, নেচনেল কনফাৰেন্সৰ ওমৰ আব্দুলাকে ধৰি বহু কেইগৰাকী ৰাজনৈতিক নেতাৰ নির্বাচনী ভাগ্য ইভিএমত বন্দী হ’ব। ইপিনে কালি এই পৰ্যায়ৰ প্ৰচাৰৰ অন্তিম দিনটোত ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলায়। বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙেও কালি উত্তৰ প্ৰদেশত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ উন্নয়নমুখী কার্যকলাপসমূহে বিশ্বব্যাপি অর্থনীতিবিদ আৰু বিত্তীয় অনুষ্ঠানসমূহৰ সমাদৰ লাভ কৰিছে বুলি উল্লেখ কৰে। জ্যেষ্ঠ বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কালি বিহাৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। কংগ্ৰেছৰ শাসনক জংঘলৰাজ আখ্যা দি শ্ৰীশৰ্মাই বিজেপিৰ নেতৃত্বত এন ডি এ চৰকাৰে সুশাসন প্ৰৱৰ্তন কৰিছে বুলি দাবী কৰে। ইপিনে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কালি কয় যে, সংবিধান ৰক্ষা কৰাই আই এন ডি আই মিত্ৰজোঁটৰ প্ৰথম লক্ষ্য হ’ব। নতুন দিল্লীৰ ৰামলীলা ময়দানত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰীগান্ধীয়ে শাসনত থকা দলটোৱে সংবিধানখনক দুৰ্বল কৰিব বিচাৰিছে বুলি অভিযোগ কৰে । কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খার্গেই কালি মুম্বাইত এখন সংবাদমেলত কয় যে, আই এন ডি আই মিত্রজোঁটে চৰকাৰ গঠন কৰিবলৈ সমৰ্থ হ’লে জিএছটিৰ সলনি এটা সৰল আৰু একক দযুক্ত কৰ ব্যৱস্থা সকলোৰে কাৰণে প্ৰযোজ্য কৰা হ’ব। দেশৰ ১৪০ কোটি জনসাধাৰণক চাকৰি, মূল্যবৃদ্ধি, দুর্নীতি হ্ৰাস ইত্যাদি বিভিন্ন ক্ষেত্ৰত মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰা বুলি দাবী কৰি শ্ৰীখাৰ্গেয়ে শাসকীয় চৰকাৰক সমালোচনা কৰে। ইপিনে দেশৰ বিভিন্ন প্ৰান্তত ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত আছে। ষষ্ঠ পৰ্যায়ত ২৫ মে’ত আৰু সপ্তম পৰ্যায়ত অহা ১ জুনত ৫৭টাকৈ সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক