ডাউনলোড
মোবাইল এপ

android apple
signal

July 10, 2024 8:14 PM | bye Election

printer

দেশৰ ৭ খন ৰাজ্যৰ ১৩ টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ ভোটগ্রহণ সম্পন্ন

দেশৰ ৭ খন ৰাজ্যৰ ক্ৰমে পশ্চিমবংগ, পাঞ্জাব, বিহাৰ, তামিলনাড়ু, মধ্যপ্রদেশ, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ ১৩ টা বিধানসভা সমষ্টিৰ উপ নির্বাচনৰ ভোটগ্রহণ সম্পন্ন হৈছে। পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈছে। অহা ১৩ জুলাইত উপ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হব। তামিলনাডুৰ বিক্ৰৱন্দী সমষ্টিত ভোটদানৰ উচ্চ হাৰৰ বাতৰি পোৱা গৈছে। যোৱা ৬ এপ্ৰিলত ডি এম কেৰ বিধায়ক এন পুগাঝেনথাইৰ মৃত্যু হোৱাত আসনখন খালী হৈছিল। ২৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়োৱা এই সমষ্টিটো সন্ধিয়া ৫ বজালৈ ৭৭.৭৫ শতাংশ ভোটদান হৈছে। বিহাৰৰ পুৰ্ণিয়া জিলাৰ ৰূপাউলী বিধানসভা সমষ্টিত ভোটগ্রহণ প্ৰক্ৰিয়া বৰষুণৰ ফলত বিঘ্নিত হোৱা দেখা গৈছে। সন্ধিয়া ৫ বজালৈ বিধানসভাৰ সমষ্টিটোত ৫১.১৪ শতাংশ ভোটগ্রহণ হোৱা বুলি বাতৰি পোৱা গৈছে। মধ্য প্ৰদেশৰ চিন্দ্ৰৱাৰা জিলাৰ অমৰৱাৰা সমষ্টিত ভোটগ্রহণ শান্তিপূৰ্ণ আছিল। বাতৰি লিখাৰ পৰলৈকে ৭২.৮৯ শতাংশ ভোটগ্রহণ উত্তৰাখণ্ডৰ চামলী জিলাৰ বদ্রীনাথ সমষ্টি আৰু হৰিদ্বাৰ জিলাৰ মেংগালোৰ বিধানসভা সমষ্টিত ভোটগ্রহণ শান্তিপূর্ণভাৱে সম্পন্ন হয়। বদ্রীনাথ সমষ্টিত সন্ধিয়া ৫ বজালৈ ৪৭.৬৮ শতাংশ আৰু মেংগালোৰ সমষ্টিত ৬৭.২৮ শতাংশ ভোটগ্রহণ হয়। ইফালে, পাঞ্জাৱ পশ্চিম জলন্ধৰ আসনখনত শেহতীয়া তথ্য অনুসৰি ৫১.৩০ ভোটগ্রহণ হৈছে। পশ্চিমবংগৰ চাৰিওটা সমষ্টি বাগদাত ৬৫.১৫ শতাংশ, ৰায়গঞ্জত ৬৭.১২ শতাংশ, ৰানাঘাটত ৬৫.৩৭ শতাংশ আৰু মানিকতালাত সন্ধিয়া ৫ বজালৈ ৫১.৩৯ শতাংশ ভোটগ্রহণ হয়। ইফালে, জ্যেষ্ঠ নির্বাচন আয়ুক্ত, উপ নির্বাচন আয়ুক্তদ্বয় নীতেশ ব্যাস আৰু ধর্মেন্দ্ৰ শৰ্মাৰ নেতৃত্বত নির্বাচন আয়োগৰ ছজনীয়া এটা দল আজি দুদিনীয়া ভ্ৰমণসূচীলৈ ৰাচিত উপস্থিত হয়। তেওঁলোকে এই বছৰৰ শেষৰ ফালে ৰাজ্যখনত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যবেক্ষণ কৰিব।

অধিক পঢ়ক

সকলো চাওক