দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ব্যাপক উৎসাহ-উদ্দীপনাৰে আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত কেন্দ্রীয় কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত কয় যে দেশৰ ৫ খন দ্রুতগতিত বিকশিত হোৱা ৰাজ্যৰ ভিতৰত অসম অন্যতম। দীর্ঘস্থায়ী বিকাশৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰতো অসম এখন আগশাৰীৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে বুলি তেওঁ কয় ৷ ভাষণৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ভাষণত মুখ্যমন্ত্ৰীয়ে বিগত ১০ বছৰত ৰাজ্যখনৰ ৮০ লাখতকৈ অধিক লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে আৰু ২০৪৭ চনৰ ভিতৰত অসম এখন পূর্ণ বিকশিত ৰাজ্যত পৰিণত হ’ব বুলি প্ৰকাশ কৰে। ৰাজ্যৰ আন আন জিলাতো স্বাধীনতা দিৱস উপলক্ষে ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলৰ লগতে স্বায়ত্তশাসিত পৰিষদসমূহৰ মুখ্য কাৰ্যবাহী সদস্যসকলে বিভিন্ন ঠাইত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বঙাইগাঁৱত, অতুল বৰাই নগাঁৱত, উৰ্খাও গৌড়া ব্ৰহ্মই দৰঙত, চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপত, কেশৱ মহন্তই হোজাইত, ডাঃ ৰণোজ পেগুৱে লখিমপুৰত, অশোক সিংহলে শোণিতপুৰত, যোগেন মহনে যোৰহাটত, সঞ্জয় কিষাণে তিনিচুকীয়াত, অজন্তা নেওগে গোলাঘাটত, পীযুষ হাজৰিকাই গোৱালপাৰাত, বিমল বৰাই ডিব্ৰুগড়ত, নন্দিতা গাৰ্লোছাই শিলচৰত, জয়ন্ত মল্লবৰুৱাই নলবাৰীত পতাকা উত্তোলন কৰে। আনহাতে, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে কোকৰাঝাৰত, কাৰ্বিআংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে ডিফুত, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছাই হাফলঙত, বিটিআৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ওদালগুৰিত আৰু অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে চৰাইদেউত পতাকা উত্তোলন কৰে। কৰিমগঞ্জ জিলাত জিলাখনৰ আয়ুক্ত মৃদুল যাদৱে স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বৰপেটা জিলা কাৰাগাৰত ‘কাৰাগাৰৰ পৰা কাৰিকৰলৈ’ শীৰ্ষক এটা কাৰ্যসূচী মুকলি কৰা হয়। কাৰাধ্যক্ষ নিলোৎপল কাকতিয়ে জানিবলৈ দিয়া মতে এই কাৰ্যসূচীৰ জৰিয়তে কাৰাবন্দীসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে। কাৰাবন্দীসকলক বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰাৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে।
Site Admin | August 15, 2024 6:32 PM | Assam CM hoisting the National Flag
দেশৰ ৫ খন দ্রুতগতিত বিকশিত হোৱা ৰাজ্যৰ ভিতৰত অসম অন্যতমঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
