দেশৰ ৫৪২খন লোকসভা আসনৰ শেহতীয়া তথ্য অনুসৰি বিজেপিৰ ২৩৭ আসনত অগ্ৰগতি লাভ

দেশৰ ৫৪২ খন লোকসভা আসনৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে ২৩৭ আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৯৭ খন আসনত অগ্ৰগতি লাভ কৰিছে। গুজৰাটৰ চুৰাট আসনত ইতিমধ্যে বিজেপিয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। উল্লেখযোগ্য যে চৰকাৰ গঠনৰ বাবে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ যিকোনো এটা দলকে ২৭২ খন আসনৰ প্ৰয়োজন হ’ব। মণিপুৰতো ইনাৰ আৰু আউটাৰ লোকসভা সমষ্টি দুটাৰ ভোটগণনাৰ বাবে ২৪টা কেন্দ্ৰত ভোটগণনা চলি আছে। ইনাৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী আংগমচা বিমল আকৈজাম নিকটতম প্রতিদ্বন্দ্বী থাউনাওজাম বসন্ত কুমাৰ সিঙতকৈ ৫৩ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। আউটাৰ মণিপুৰ সমষ্টিত নাগা পিপ’ল্‌ছ ফ্ৰণ্টৰ কছুই তিমথি জিমিক কংগ্ৰেছৰ আলফ্ৰেড আৰ্থাতকৈ ১৫ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। নাগালেণ্ডৰ একমাত্ৰ আসনখনত কংগ্ৰেছৰ প্ৰাৰ্থী এছ সুপংমাৰেন জামিৰ আগবাঢ়ি আছে। অৰুণাচল প্ৰদেশৰ দুয়োখন আসনতে বিজেপিৰ প্ৰাৰ্থী আগবাঢ়ি আছে। লোকসভা নিৰ্বাচনৰ লগতে অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাৰ বিধানসভা নিৰ্বাচন আৰু বিভিন্ন সমষ্টিৰ উপ-নিৰ্বাচনৰো আজি ভোটগণনা কৰা হৈছে। ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি বাৰাণসী সমষ্টিত বিজেপিৰ জ্যেষ্ঠ নেতা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছ প্রার্থী অজয় ৰায়তকৈ ৪১ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। আনহাতে, বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ গুজৰাটৰ গান্ধীনগৰ সমষ্টিত নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছৰ সৌনল পেটেলতকৈ আঢ়ৈ লাখৰো অধিক ভোটত আগবাঢ়ি আছে। পোৰবন্দৰ সমষ্টিত বিজেপিৰ আন এজন নেতা ড° মনসুখ মন্দাভিয়া কংগ্ৰেছৰ ললিত ৱছ’য়াতকৈ ২ লাখৰো অধিক ভোটত আগবাঢ়ি আছে। উত্তৰ প্ৰদেশৰ ৰায়বৰেলি সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰাহুল গান্ধী নিকটতম প্রতিদ্বন্দ্বী বিজেপিৰ দীনেশ প্রতাপ সিঙতকৈ ৬৪ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। কেৰালাৰ ৱায়ানাড সমষ্টিত কংগ্ৰেছৰ ৰাহুল গান্ধী চি পি আইৰ এনি ৰাজাতকৈ ১২ হাজাৰতকৈ অধিক ভোটত আগবাঢ়ি আছে। ৰাজস্থানৰ আলৱাৰ সমষ্টিত বিজেপিৰ ভূপেন্দ্ৰৰ যাদৱ কংগ্ৰেছৰ ললিত যাদৱতকৈ ৫১ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। অৰুণাচল পশ্চিম সমষ্টিত বিজেপি প্রার্থী কেন্দ্রীয় মন্ত্রী কিৰেণ ৰিজিজু নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছৰ নাৱাম টুকীতকৈ প্ৰায় ৬২ হাজাৰ ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। মহাৰাষ্ট্ৰৰ বাৰামতী সমষ্টিত এন চি পি শাৰদ পাৱাৰ গোটৰ প্ৰাৰ্থী সুপ্রিয়া চুলে এন চি পিৰ প্ৰাৰ্থী সুনেত্রা অজিতদাদা পাৱাতকৈ আগবাঢ়ি আছে। ৰাজস্থানৰ বিকানেৰ সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী বিজেপিৰ অৰ্জুন ৰাম মেঘৱাল কংগ্ৰেছৰ গোবিন্দৰাম মেঘৱালতকৈ ২০ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। পঞ্জাৱৰ ৱাথিন্দাত শিৰোমণি আকালি দলৰ হৰচিমৰ‍ কৌৰ বাদল আম আদমী পাৰ্টীৰ গুৰমিত সিং খুদিয়ানতকৈ প্ৰায় ২৩ হাজাৰ ভোটত আগবাঢ়ি আছে। বিহাৰৰ বেগুচৰাই সমষ্টিত চিপিআইৰ অৱদেশ কুমাৰ ৰয় বিজেপিৰ গিৰিৰাজ সিঙতকৈ কম ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। মধ্য প্ৰদেশৰ গুণা সমষ্টিত বিজেপিৰ জ্যোতিবাদিত্য সিন্ধিয়া কংগ্ৰেছ দলৰ য়াদৱেন্দ্ৰ ৰাও দেশৰাজ সিঙতকৈ ২ লাখতকৈ অধিক ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। গুৰগাঁও সমষ্টিত কংগ্ৰেছ দলৰ ৰাজ বাববৰ নিকটতম প্রতিদ্বন্দ্বী বিজেপিৰ ৰাও ইন্দ্ৰজিৎ সিঙতকৈ ৪৩ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ হিমাচল প্ৰদেশৰ হামিৰপুৰ সমষ্টিত নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছৰ ছটপাল ৰায়জাদাতকৈ প্ৰায় ৮৮ হাজাৰ ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। হিমাচল প্ৰদেশৰ মন্দি সমষ্টিত বিজেপিৰ কংগনা ৰাণাৱট কংগ্ৰেছৰ বিক্রমাদিত্য সিঙতকৈ ৩৭ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। লক্ষ্ণৌ সমষ্টিত কেন্দ্ৰীয় মন্ত্রী ৰাজনাথ সিং নিকটতম প্রতিদ্বন্দ্বী সমাজবাদী পাৰ্টীৰ ৰৱিদাস মেহৰুট্টাতকৈ প্ৰায় ২০ হাজাৰ ভোটত আগবাঢ়ি আছে। উত্তৰ প্ৰদেশৰ আমেথিত বিজেপিৰ জ্যেষ্ঠ নেতা স্মৃতি ইৰাণী নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছৰ কিশোৰী লালতকৈ প্ৰায় ২৮ হাজাৰ ভোটত পিছপৰি আছে। ৰাজ্যখনৰ মেইনপুৰীত সমাজবাদী পাৰ্টীৰ ডিম্পল য়াদৱ বিজেপিৰ জয়বীৰ সিঙতকৈ ৫৮ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। মধ্য প্ৰদেশৰ বিদিশা সমষ্টিত বিজেপিৰ শিৱৰাজ সিং চৌহান নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছ দলৰ প্ৰতাপ ভানু শর্মাতকৈ ১ লাখতকৈ অধিক ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। জম্মু-কাশ্মীৰৰ উধমপুৰ সমষ্টিত বিজেপিৰ জিতেন্দ্ৰ সিং কংগ্ৰেছৰ শ্বা লাল সিঙতকৈ ১৬ হাজাৰতকৈ অধিক ভোটত আগবাঢ়ি আছে। ইপিনে, ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ সাতোখন আসনতে বিজেপিৰ প্ৰাৰ্থী আগবাঢ়ি আছে।

অধিক পঢ়ক

সকলো চাওক