June 4, 2024 11:19 AM | Election update

printer

দেশৰ ৫৪২খন লোকসভা আসনৰ শেহতীয়া তথ্য অনুসৰি বিজেপিৰ ২১৩ আসনত অগ্ৰগতি লাভ

দেশৰ ৫৪২ খন লোকসভা আসনৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে ২১৩ আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৮৮ খন আসনত অগ্ৰগতি লাভ কৰিছে। গুজৰাটৰ চুৰাট আসনত ইতিমধ্যে বিজেপিয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। উল্লেখযোগ্য যে চৰকাৰ গঠনৰ বাবে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ যিকোনো এটা দলকে ২৭২ খন আসনৰ প্ৰয়োজন হ’ব। দেশৰ অন্য ৰাজ্যসমূহৰ লগতে অসমতো ৫২টা কেন্দ্ৰত লোকসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে। ইয়াৰ পূৰ্বৰ নিৰ্বাচনত প্ৰথমে পোষ্টেল বেলটসমূহ গণনা কৰা হৈছিল আৰু তাৰ ৩০ মিনিট পাছত ইভিএম মুকলি কৰাৰ ব্যৱস্থা আছিল যদিও এইবাৰ লোকসভা নিৰ্বাচনত এই নিয়মৰ কিছু সলনি কৰা হয়। এইবাৰ ৰিটাৰ্ণিং বিষয়া থকা জিলাৰ ভোটগণনা কেন্দ্ৰত পুৱা ৮ বজাত পোষ্টেল বেলট গণনা আৰম্ভ হৈছে আৰু ৩০ মিনিট পাছত ইভিএম মুকলি কৰা হৈছে। এই স্থানসমূহত পোষ্টেল বেলট গণনাৰ বাবে পৃথক টেবুলৰ ব্যৱস্থা কৰা হৈছে। আনহাতে, বাকী জিলাসমূহত পোষ্টেল বেলট পেপাৰ গণনা কৰা নহয়। মণিপুৰতো ইনাৰ আৰু আউটাৰ লোকসভা সমষ্টি দুটাৰ ভোটগণনাৰ বাবে ২৪টা কেন্দ্ৰত ভোটগণনা আৰম্ভ হৈছে। লোকসভা নিৰ্বাচনৰ লগতে অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাৰ বিধানসভা নিৰ্বাচন আৰু বিভিন্ন সমষ্টিৰ উপ- নিৰ্বাচনৰো আজি ভোটগণনা কৰা হৈছে। ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি বাৰাণসী সমষ্টিত বিজেপিৰ জ্যেষ্ঠ নেতা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়তকৈ ৯ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। উত্তৰ প্ৰদেশৰ ৰায়বেৰেলি সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰাহুল গান্ধী নিকটতম প্রতিদ্বন্দ্বী দীনেশ প্রতাপ সিঙতকৈ ১৬ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। ৰাজস্থানৰ আলৱাৰ সমষ্টিত বিজেপিৰ ভূপেন্দ্ৰৰ যাদৱ কংগ্ৰেছৰ ললিত যাদৱতকৈ ১৬ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। অৰুণাচল পশ্চিম সমষ্টিত বিজেপি প্রার্থী কেন্দ্ৰীয় মন্ত্রী কিৰেণ ৰিজিজু নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছৰ নাৱাম টুকীতকৈ প্ৰায় ২৫ হাজাৰ ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। মহাৰাষ্ট্ৰৰ বাৰামতী সমষ্টিত এন চি পি শাৰদ পাৱাৰ গোটৰ প্ৰাৰ্থী সুপ্রিয়া চুলে এন চি পিৰ প্ৰাৰ্থী সুনেত্রা অজিতদাদা পাৱাৰতকৈ আগবাঢ়ি আছে। ৰাজস্থানৰ বিকানেৰ সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী বিজেপিৰ অৰ্জুন ৰাম মেঘৱাল কংগ্ৰেছৰ গোবিন্দৰাম মেঘৱালতকৈ ৩ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। পঞ্জাৱৰ ৱাথিন্দাত শিৰোমণি আকালি দলৰ হৰচিমৰ‍ কৌৰ বাদল আম আদমী পাৰ্টীৰ গুৰমিত সিং খুদিয়ানতকৈ প্ৰায় ৪ হাজাৰ ভোটত আগবাঢ়ি আছে। বিহাৰৰ বেগুচৰাই সমষ্টিত বিজেপিৰ গিৰিৰাজ সিং চিপিআইৰ অৱদেশ কুমাৰ ৰয়তকৈ চাৰে ৪ হাজাৰতকৈ অধিক ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। মধ্য প্ৰদেশত বিজেপিৰ জ্যোতিৰাদিত্য সিন্ধিয়া কংগ্ৰেছ দলৰ য়াদৱেন্দ্ৰ ৰাও দেশৰাজ সিঙতকৈ ৮৭ হাজাৰতকৈ অধিক ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। গুৰগাঁও সমষ্টিত কংগ্ৰেছ দলৰ ৰাজবাব্বৰ নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছ দলৰ ৰাও ইন্দ্ৰজিৎ সিঙতকৈ ২৩ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ হিমাচল প্ৰদেশৰ হামিৰপুৰ সমষ্টিত নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছৰ ছটপাল ৰায়জেদাতকৈ প্ৰায় ৪৪ হাজাৰতকৈ অধিক ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। হিমাচল প্ৰদেশৰ মন্দি সমষ্টিত বিজেপিৰ কংগনা ৰাণাৱট কংগ্ৰেছৰ বিক্রমাদিত্য সিঙতকৈ ২০ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। লক্ষ্ণৌ সমষ্টিত কেন্দ্রীয় মন্ত্ৰী ৰাজনাথ সিং নিকটতম প্রতিদ্বন্দ্বী সমাজবাদী পাৰ্টীৰ ৰৱিদাস মেহৰুট্টাতকৈ ৮ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। উত্তৰ প্ৰদেশৰ মেইনপুৰীত সমাজবাদী পাৰ্টীৰ ডিম্পল য়াদৱ বিজেপিৰ জয়বীৰ সিঙতকৈ ৩৩ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। মধ্য প্ৰদেশৰ বিদিশা সমষ্টিত বিজেপিৰ শিৱৰাজ সিং চৌহান নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছ দলৰ প্ৰতাপ ভানু শৰ্মাতকৈ ১ লাখতকৈ অধিক ভোটৰ ব্যৱধানত আগবাঢ়ি আছে।

অধিক পঢ়ক

সকলো চাওক