June 4, 2024 10:44 AM

printer

দেশৰ ৫৪২খন আসনৰ লোকসভা নিৰ্বাচনৰ ভোটগণনা কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আৰম্ভ

দেশৰ ৫৪২ খন আসনৰ বাবে অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ ভোটগণনা কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পুৱা ৮ বজাত আৰম্ভ হৈছে। নিৰ্বাচন আয়োগৰ নিৰ্দেশমৰ্মে ভোটগণনা স্বচ্ছ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে প্রয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গুজৰাটৰ চুৰাট আসনত ইতিমধ্যে বিজেপিয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। উল্লেখযোগ্য যে চৰকাৰ গঠনৰ বাবে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ যিকোনো এটা দলকে ২৭২ খন আসনৰ প্ৰয়োজন হ’ব। দেশৰ অন্য ৰাজ্যসমূহৰ লগতে অসমতো ৫২টা কেন্দ্ৰত লোকসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে। ইয়াৰ পূৰ্বৰ নিৰ্বাচনত প্ৰথমে পোষ্টেল বেলটসমূহ গণনা কৰা হৈছিল আৰু তাৰ ৩০ মিনিট পাছত ইভিএম মুকলি কৰাৰ ব্যৱস্থা আছিল যদিও এইবাৰ লোকসভা নিৰ্বাচনত এই নিয়মৰ কিছু সলনি কৰা হয়। এইবাৰ ৰিটার্ণিং বিষয়া থকা জিলাৰ ভোটগণনা কেন্দ্ৰত পুৱা ৮ বজাত পোষ্টেল বেলট গণনা আৰম্ভ হৈছে আৰু ৩০ মিনিট পাছত ইভিএম মুকলি কৰা হৈছে। এই স্থানসমূহত পোষ্টেল বেলট গণনাৰ বাবে পৃথক টেবুলৰ ব্যৱস্থা কৰা হৈছে। আনহাতে, বাকী জিলাসমূহত পোষ্টেল বেলট পেপাৰ গণনা কৰা নহয়৷ অসমৰ লগতে ত্ৰিপুৰাৰ পশ্চিম লোকসভা সমষ্টিৰ ৭টা কেন্দ্ৰত ভোটগণনা আৰম্ভ হৈছে আৰু ৬ৰ পৰা ১০টা ৰাউণ্ডৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পন্ন হ’ব ।

মণিপুৰতো ইনাৰ আৰু আউটাৰ লোকসভা সমষ্টি দুটাৰ ভোটগণনাৰ বাবে ২৪টা কেন্দ্ৰত ভোটগণনা আৰম্ভ হৈছে। লোকসভা নিৰ্বাচনৰ লগতে অন্ধ্রপ্রদেশ আৰু ওড়িশাৰ বিধানসভা নির্বাচন আৰু বিভিন্ন সমষ্টিৰ উপ- নির্বাচনৰো আজি ভোটগণনা কৰা হৈছে। শেহতীয়া গণনা অনুযায়ী বিজেপি ৪২ খন আসনত আগবাঢ়ি আছে। ইয়াৰ বিপৰীতে কংগ্ৰেছে ১৭ খন আসনত অগ্ৰগতি লাভ কৰিছে। অৰুণাচল পশ্চিম সমষ্টিত কেন্দ্রীয় মন্ত্রী কিৰেন ৰিজিজু প্রতিপক্ষতকৈ ২ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। মধ্যপ্ৰদেশত বিজেপি প্রার্থী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু হিমাচল প্ৰদেশৰ মাণ্ডিত বিজেপি প্রার্থী কংগনা ৰানাৱট অগ্রগতি লাভ কৰিছে। গুজৰাটৰ পৌৰবন্দৰত কেন্দ্রীয় মন্ত্রী ডা০ মনসুখ মাণ্ডাভিয়া ১২ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। ত্ৰিপুৰা পশ্চিম সমষ্টিত বিজেপি প্রার্থী বিপ্লৱ কুমাৰ দেৱ আগবাঢ়ি আছে।

অধিক পঢ়ক

সকলো চাওক