দেশৰ ৫টা ভাৰতীয় ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত দেশৰ শিক্ষাবিদ তথা গৱেষকসকলৰ প্ৰশংসা

কেন্দ্ৰীয় কেবিনেটে দেশৰ ৫টা ভাৰতীয় ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাত দেশৰ শিক্ষাবিদ তথা গৱেষকসকলে প্ৰশংসা কৰিছে। কেন্দ্ৰীয় কেবিনেটে যোৱা বৃহস্পতিবাৰে অসমীয়া, বঙালী, মাৰাঠী, পালি আৰু প্রাকৃত ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছে। এই মর্যাদাই ভাষাসমূহৰ অধ্যয়ন আৰু সংৰক্ষণৰ প্ৰসাৰৰ ক্ষেত্ৰত চৰকাৰৰ পৰা বিভিন্ন সা-সুবিধা লাভ কৰিব।
এই সন্দৰ্ভত আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত ক’লকাতা বিশ্ববিদ্যালয়ৰ বৌদ্ধ অধ্যয়ন বিভাগৰ অধ্যাপক উজ্জ্বল কুমাৰে কয় যে এই ভাষাসমূহৰ সাংস্কৃতিক ঐতিহ্য আছে আৰু কেবিনেটৰ এই সিদ্ধান্তই ভাষাসমূহৰ প্ৰচাৰত সহায় আগবঢ়াব। তেওঁ লগতে কয় যে, এই স্বীকৃতিয়ে সাহিত্যৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অধিক কর্মসংস্থাপনৰ সৃষ্টি কৰিব।
ইফালে, ইন্দিৰা গান্ধী নেচনেল চেণ্টাৰ ফ’ৰ আৰ্টছৰ সদস্য সম্পাদক ড° সচ্চিদানন্দ যোশীয়ে কয় যে, এই ভাষাসমূহৰ অন্তৰ্ভুক্তিৰ ঐতিহাসিক তাৎপর্য আছে। তেওঁ লগতে কয় যে, এই ভাষাসমূহত দেশৰ প্ৰাচীন সাহিত্যৰ স্বৰূপ দেখা যায়। ধ্রুপদী ভাষাৰ অন্তৰ্ভুক্তিয়ে এই ভাষাসমূহৰ অধ্যয়ন আৰু গৱেষণাত সহায় কৰিব।

অধিক পঢ়ক

সকলো চাওক