কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰীৰাজ সিঙে কৈছে যে, তেওঁৰ বিভাগে দেশৰ হস্ততাঁত আৰু হস্তশিল্পৰ সামগ্ৰীসমূহৰ ৰপ্তানিৰ ক্ষেত্ৰত ৬০ হাজাৰ কোটি টকাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। হস্ততাঁত আৰু হস্তশিল্পৰ সামগ্ৰীসমূহৰ ৰপ্তানি মূল্য বৰ্তমান ৪৫ হাজাৰ কোটি টকা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই সংখ্যাটো প্ৰচাৰ, আৰ্থিক সাহায্য আৰু প্ৰশিক্ষণৰ জৰিয়তে বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰে। আজি বিহাৰৰ পাটনাৰ উপেন্দ্ৰ মহাৰথী শিল্প সংস্থানত হস্তশিল্পৰ বাবে ৰপ্তানি প্ৰচাৰ পৰিষদৰ প্ৰথমটো কাৰ্যালয় মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে । গ্রামাঞ্চলসমূহৰ হস্তশিল্পৰ সামগ্ৰীসমূহ বহুলভাবে জনপ্ৰিয় কৰি তুলিবলৈ কৃত্রিম বুদ্ধিমত্তা আৰু থ্রীডিৰ দৰে নতুন প্রযুক্তিসমূহ আকোৱালি ল’ব লাগিব বুলিও শ্রী সিঙে লগতে কয়। থলুৱা হস্তশিল্পীসকলৰ সামগ্ৰীসমূহৰ ৰপ্তানি বৃদ্ধি কৰিবলৈ জি আই স্বীকৃতিপ্রাপ্ত সামগ্ৰীৰ সংখ্যা বঢ়াব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
Site Admin | September 28, 2024 8:18 PM | Giriraj Singh | Textiles-Minister-Giriraj-Singh