ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা দেশৰ সশস্ত্র বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ১০৩ গৰাকী কৰ্মীক সাহসিকতাৰ বঁটা প্ৰদানৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই বঁটাসমূহৰ ভিতৰত আছে- ৪টা কীৰ্তি চক্র, ১৮টা সৌৰ্য চক্ৰ আৰু এটা সাহসিকতাৰ সেনা পদক। ইয়াৰ লগতে সাহসিকতা বঁটাসমূহৰ ভিতৰত ৬৩টা সাহসিকতাৰ সেনা পদক, ১১টা সাহসিকতাৰ নৌসেনা পদক আৰু ৬টা সাহসিকতাৰ বায়ুসেনা পদক আছে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে বিভিন্ন সামৰিক অভিযানত গুৰুত্বপূৰ্ণ অৱদানৰ বাবে মৰণোত্তৰভাৱে আৰ্মী ডগ কেণ্টৰ লগতে ৩৯ Mention-in-Despatches বঁটাৰ বাবেও অনুমোদন দিছে। এই অভিযানসমূহৰ ভিতৰত অপাৰেচন ৰক্ষক, অপাৰেচন স্ন লিয়’পাৰ্ড, অপৰাৰেচন সহায়তা, অপাৰেচন অর্কিড আদি অন্যতম।
Site Admin | August 15, 2024 12:01 PM | President Bravery Award
দেশৰ সশস্ত্র বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ১০৩ গৰাকী কৰ্মীক সাহসিকতাৰ বঁটা প্ৰদান
