কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই দেশৰ সকলো ক্রীড়া প্রেমীক ৰাষ্ট্ৰীয় ক্রীড়া দিৱসত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। অহা ২৯ আগষ্টত ৰাষ্ট্ৰীয় ক্রীড়া দিৱস পালন কৰা হ’ব। ক্রীড়া মন্ত্রীগৰাকীয়ে প্রধানমন্ত্রী মোদীৰ ফিট ইণ্ডিয়া অভিযানক আগবঢ়াই নিবলৈ সকলোকে আহ্বান জনায়। তেওঁ লগতে কয় যে, নিজকে সুস্থ-সবল কৰি ৰখাটো প্ৰতিগৰাকী ভাৰতীয়ৰ দায়িত্ব। ৰাষ্ট্ৰীয় ক্রীড়া দিৱস কেৱল দেশৰ খেলুৱৈসকলক সন্মানিত কৰাৰ এটা উপলক্ষ্যই নহয় বৰং এই দিৱসে সন্তুলিত আৰু সুস্থ জীৱন বৰ্তাই ৰখাত ক্রীড়াই কিদৰে সদায় কৰে সেই বিষয়েও সোঁৱৰাই দিয়ে বুলি ড০ মন্দাভিয়াই উল্লেখ কৰে।
Site Admin | August 25, 2024 11:37 AM | National Sports Day