ডাউনলোড
মোবাইল এপ

android apple
signal

December 8, 2024 12:24 PM | Sarbanada sonowal

printer

দেশৰ সংহতিৰ ক্ষেত্ৰত হিন্দীয়ে গ্ৰহণ কৰা ঐতিহাসিক ভূমিকা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আলোকপাত

মাদ্ৰাজৰ দক্ষিণ ভাৰত হিন্দী প্ৰচাৰ সভাৰ ৮৩ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ সংহতিৰ ক্ষেত্ৰত হিন্দীয়ে গ্ৰহণ কৰা ঐতিহাসিক ভূমিকা সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয় যে  এই বিষয়টোৰ ওপৰত মহাত্মা গান্ধীয়েও সদায় গুৰুত্ব আৰোপ কৰিছিল। হিন্দী ভাষাই কেতিয়াও নিজৰ কোনো আঞ্চলিক সমকক্ষৰ শত্ৰুতা প্ৰকাশ নকৰাকৈ সমভাৱে  সকলোকে গ্ৰহণ কৰি আন আঞ্চলিক ভাষাক সমৃদ্ধ কৰিছে বুলি শ্ৰীসোণোৱালে উল্লেখ কৰে। সোণোৱালে লগতে কয় যে ভাৰতীয় হিচাপে আমি হিন্দীক বিশ্বজনীন ভাষা হিচাপে গঢ়ি তোলাৰ দিশত কাম কৰিবলৈ চেষ্টা কৰিব লাগিব। আৰু এইেক্ষত্ৰত  তেওঁ যুৱক-যুৱতীসকলক অৰ্থপূৰ্ণভাৱে অৰিহণা যোগাবলৈ আহ্বান জনায়।

মাদ্ৰাজৰ দক্ষিণ ভাৰত হিন্দী প্ৰচাৰ সভাৰ সভাপতি মুখ্য অতিথি শ্ৰী ভি মুৰালীধৰণে সমাৱৰ্তন অনুষ্ঠানত সভাপতিত্ব কৰে। ইয়াত প্ৰবীণ আৰু বিশাৰদ পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰায় ৮০০০ ছাত্ৰ-ছাত্ৰীয়ে  অংশগ্ৰহণ কৰে।   কাৰ্যনিৰ্বাহক সমিতি, একাডেমিক কাউন্সিলৰ লগতে সকলো দক্ষিণ ভাৰতৰ ৰাজ্যৰ শাসকীয় সংস্থাৰ সদস্যসকল সমাৱৰ্তন অনুষ্ঠানত উপস্থিত আছিল । তদুপৰি দক্ষিণৰ প্ৰতিটো ভাষা তামিল, টেলেগু, কানাড়া আৰু মালয়ালম ভাষাৰ চাৰিজন সাহিত্যিককো গান্ধীজীৰ সংহতিবাদী দৃষ্টিভংগীৰ প্ৰতীক কৰি তুলি সন্মানিত কৰা হয়। অনুষ্ঠানত অন্যান্য সম্বৰ্ধনা জনোৱাৰ লগতে এম এ, এম ফিল, পি এইচ ডি, বি এড আৰু পি জি ডিপ্লমা ছাত্ৰ-ছাত্ৰীসকলে ডিবিএইচপি সভাৰ শিক্ষা পৰিষদৰ অধ্যক্ষ শ্ৰী পি ওবাইয়াই আনুগত্যৰ শপত গ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক