ডাউনলোড
মোবাইল এপ

android apple
signal

February 26, 2025 12:24 PM | shivrati

printer

দেশৰ লগতে ৰাজ্যৰ প্ৰান্তে প্রান্তে মহা শিৱৰাত্ৰি পালন

মহা শিৱৰাত্ৰি উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্রান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা কৰা হৈছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল, তেজপুৰৰ মহাভৈৰৱ, গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ, পামহিৰ ভীমাশংকৰ মন্দিৰ, সোমনাথ মন্দিৰ, নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰ, ঢেকীয়াজুলিৰ বাবা গুপ্তেশ্বৰ দেৱালয়, হলেশ্বৰ দেৱালয়, ন-দুৱাৰ সমষ্টিৰ নাগশংকৰ দেৱালয়, নেঘেীটিঙকে ধৰি বিভিন্ন স্থানত আশুতোষৰ আৰাধনাৰ বাবে ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ শিৱমন্দিৰসমূহো পূজাৰ বাবে সজাই পৰাই তোলা হৈছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত মহা শিৱৰাত্ৰি পূজা আৰু মেলা কালিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। জিলা প্ৰশাসনে এই পূজা আৰু মেলা নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। অগণন লোকৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোত শিৱৰাত্ৰি উদযাপন সমিতিয়ে চি চি টিভি কেমেৰা সংস্থাপন কৰিছে। কালি দিনৰ ভাগত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত শিৱপূজা চলি আছে। জিলাখনৰ ঐতিহাসিক পাগলাৰটেক শিৱ মন্দিৰত কালিৰে পৰা চাৰিদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে শিৱৰাত্ৰি পালন কৰা হৈছে। কালি অধিবাসৰ জৰিয়তে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। প্রবাদ অনুসৰি চান্দ সদাগৰৰ দিনৰ পৰা এই মন্দিৰত শিৱপূজা চলি আহিছে। বৰপেটা জিলাৰ বিভিন্ন শিৱমন্দিৰত ধৰ্মীয় পৰম্পৰাৰে আজি শিৱৰাত্ৰি পালন কৰা হৈছে। হাউলী সাৰ্বজনীন শিৱ মন্দিৰত আজিৰে পৰা তিনিদিনীয়াকৈ মহা শিৱৰাত্ৰি পূজাৰ আয়োজন কৰা হৈছে। সৰভোগৰ কামাৰগাঁও শিৱ মন্দিৰতো তিনিদিনীয়াকৈ পূজাৰ আয়োজন কৰা হৈছে। একেদৰে ঐতিহাসিক শিঙৰীৰ গুপ্তেশ্বৰ দেৱালয়, দক্ষিণ বজালীৰ জালিখাটাৰ কলিবাৰী শ্ৰীশ্ৰী শিৱ থান, হাজোৰ শ্ৰীশ্ৰী হৰগৌৰী মন্দিৰকে ধৰি বিভিন্ন স্থানত শিৱৰাত্ৰি পূজাৰ আয়োজন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক