দেশৰ ভিন্ন স্থানত বিজয়া দশমী আৰু দশেৰা পালন

দেশৰ বিভিন্ন অংশত আজি বিজয়া দশমী আৰু দশেৰা পালন কৰা হৈছে। ভগৱান ৰামৰ ৰাৱণৰ বিৰুদ্ধে জয়ৰ স্মৃতিত পালন কৰা দশেৰা অশুভ শক্তিৰ বিৰুদ্ধে শুভশক্তিৰ বিজয়ৰ প্ৰতীকস্বৰূপ। এই দিনটোতে ভগৱান ৰামে ৰাৱণৰ বধ কৰিছিল বুলি বিশ্বাস কৰা হয়। এই বিশ্বাসেৰে ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাদৰ প্ৰতিকৃতি দহনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ লালকিল্লা ময়দানত শ্রীধার্মিক লীলা কমিটিয়ে আয়োজন কৰা দশেৰাৰ অনুষ্ঠানত ভাগ লয়। ইপিনে, শ্ৰী ৰামলীলা সমিতিয়ে দিল্লীৰ দ্বাৰকাৰ ১০ নম্বৰ খণ্ডত ৰাৱণৰ ২১১ ফুট ওখ প্রতিকৃতি সাজি উলিওৱা বুলি দাবী কৰিছে।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয়া দশমী উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে এটা শুভেচ্ছা বার্তা যোগে কৈছে যে, এই উৎসৱে অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ বিজয়ক সূচায়। তেওঁ কয় যে, এই উৎসৱৰ সৈতে মৰ্যাদা, কৰ্তব্য পৰায়ণতা, সদাচাৰ, বিনয় আৰু সাহসিক সংঘৰ্ষৰ ভালেমান প্ৰেৰণাদায়ক কাহিনী জড়িত হৈ আছে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে আস্থাৰ এই উৎসৱে সকলোৰে জীৱনলৈ সাফল্য, সমৃদ্ধি আৰু আনন্দৰ বতৰা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে সামাজিক মাধ্যমযোগে কৈছে .যে, এই উৎসৱে অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয়ৰ বাৰ্তা বহন কৰে । তেওঁ লগতে অশুভ শক্তি নাশ কৰাৰ বাবে সংকল্প গ্ৰহণ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত এই বুলি কামনা কৰিছে যে, মা দুৰ্গা আৰু ভগৱান ৰামৰ আশীষেৰে জনসাধাৰণে যেন জীৱনৰ সকলো ক্ষেত্ৰতে জয়ী হয়।

অধিক পঢ়ক

সকলো চাওক