July 28, 2024 6:45 PM | Maan ki Baat

printer

দেশৰ ভিন্ন অংশৰ শিল্পীসকলে হস্ততাঁতক জনপ্ৰিয় কৰাত যোগোৱা অৱদানৰ বাবে প্ৰধানমন্ত্ৰীৰ সন্তোষ প্ৰকাশ

দেশৰ হস্ততাঁত উদ্যোগৰ সন্দৰ্ভত কবলৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  আকাশবাণীৰ মন কী বাত অনুষ্ঠানত  আত্মসহায়ক গোটত যোগদান কৰা আৰু কাপোৰত ৰঙৰ বাহাৰ তোলা হাৰিয়ানাৰ ৰোহটক জিলাৰ ২৫০ গৰাকী মহিলাৰ কামৰ ভূয়সী প্ৰশংসা কৰে। এই মহিলাসকলে আত্মসহায়ক গোটত যোগদান কৰি ব্লক প্রিণ্টিং আৰু ডায়িঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। তেওঁলোকে এতিয়া বিচনা চাদৰ, শাৰী, দোপাট্টা আদি তৈয়াৰ কৰি লাখ লাখ টকা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে বুলি প্রধানমন্ত্রীয়ে উল্লেখ কৰে । দেশত ৭ আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে দেশৰ ভিন্ন অংশৰ শিল্পীসকলে হস্ততাঁতক জনপ্ৰিয় কৰাত যোগোৱা অৱদানৰ বাবে সন্তোষ প্ৰকাশ কৰে। তেওঁ এই প্ৰসংগত ওড়িশাৰ সম্বলপুৰী শাৰী, মধ্য প্ৰদেশৰ মহেশ্বৰী শাৰী, মহাৰাষ্ট্ৰৰ পাইথানী, বিদৰ্ভৰ হস্ত ব্লক প্ৰিণ্ট, হিমাচল প্ৰদেশৰ ভূটিকো শ্বল তথা ঊলৰ কাপোৰ আৰু জম্মু কাশ্মীৰৰ কানি শ্বলৰ উদাহৰণ দিয়ে। তেওঁ কয় যে, বহুতো ব্যক্তিগত কোম্পানীও হস্ততাঁত সামগ্ৰীক জনপ্ৰিয় কৰাত অৰিহণা যোগাই আহিছে। তেওঁ হস্ততাঁত সা-সামগ্ৰীক জনপ্ৰিয় কৰি তোলাত ভূমিকা লৈ অহা কোচা এ আই, হেণ্ডলুম ইণ্ডিয়া, ডি জাংক, নভার্টেক্স, ব্ৰহ্মপুত্ৰ ফেবলকে ধৰি বিভিন্ন ষ্টাৰ্ট আপৰ বিষয়ে উল্লেখ কৰে। বহুতো স্থানীয় লোকেও এনে ধৰণৰ স্থানীয়ভাৱে উৎপাদিত সামগ্রীক জনপ্ৰিয় কৰি তোলাত অৰিহণা যোগোৱা বুলিও শ্রীমোদীয়ে আনন্দ প্রকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে সাধাৰণ লোকক তেওঁলোকৰ স্থানীয়ভাৱে উৎপাদিত সামগ্ৰী সামাজিক মাধ্যমত মাই প্রডাক্ট মাই প্রাইড হেছটেগৰ সৈতে আপলোড কৰিবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক