দেশৰ ব্যৱসায়ীসমাজৰ লাভালাভৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত জি এছ টি প্ৰৱৰ্তন কৰা হৈছিলঃ অশোক সিংহল

যোৱা ১৯ জুনত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত কার্যকৰীকৰণৰ অৰ্থে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল আৰু বিত্ত মন্ত্রী অজন্তা নেওগে কালি বঙাইগাঁৱৰ অসম আৰক্ষী অভিৱৰ্তন কেন্দ্ৰত এখন বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত সামগ্ৰী আৰু সেৱা কৰ বিষয়ত নামনি অসমৰ ছখন জিলাৰ বাণিজ্য আৰু ব্যাৱসায়িক সংস্থাসমূহৰ সৈতে আলোচনা কৰে। ৰাজ্যৰ কেইবাটাও স্থানত অনুষ্ঠিত হ’বলগীয়া আঞ্চলিক পৰামৰ্শমূলক আলোচনাৰ এয়া আছিল দ্বিতীয়খন বৈঠক। অনুষ্ঠানত জি এছ টিৰ অধীনত প্ৰদান কৰা জাননী সন্দৰ্ভত ব্যৱসায়ীসকলৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ দিয়ে। বক্তব্যত মন্ত্রী সিংহলে কয় যে, দেশৰ ব্যৱসায়ীসমাজৰ লাভালাভৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত জি এছ টি প্ৰৱৰ্তন কৰা হৈছিল। অসমক দেশৰ শীৰ্ষ ৫খন ৰাজ্যৰ এখন হিচাপে গঢ় দিবলৈ হ’লে ব্যৱসায়িসকলক লগত লৈ আগবঢ়িবই লাগিব বুলি মন্তব্য কৰি তেওঁ কয় যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত তৃণমূল স্তৰলৈ গৈ ব্যৱসায় বাণিজ্য সংস্থাসমূহৰ সৈতে কেবিনেট পৰ্যায়ৰ আলোচনাৰ পদক্ষেপ গ্ৰহণ কৰা অসমেই হৈছে দেশৰ প্ৰথমখন ৰাজ্য। উল্লেখযোগ্য যে, জি এছ টিৰ অধীনত প্ৰদান কৰা জাননী সন্দৰ্ভত ব্যৱসায়ীসকলৰ আশংকা দূৰ কৰিবলৈ তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, তেজপুৰ আৰু শিলচৰত পৰৱৰ্তী আলোচনা অনুষ্ঠিত কৰি এমাহৰ ভিতৰত মন্ত্রীদ্বয়ে প্রতিবেদন দাখিল কৰিব।

অধিক পঢ়ক

সকলো চাওক