মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি দেশৰ ব্যৱসায়িক ক্ষেত্ৰৰ কেইবাগৰাকীও গুৰুত্বপূৰ্ণ ব্যক্তিক সাক্ষাৎ কৰি অসমত তেওঁলোকৰ বিনিয়োগ পৰিকল্পনা আৰু অন্যান্য দিশসমূহ আলোচনা কৰে। ড০ শৰ্মাই এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকক আমন্ত্রণ জনায়। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ বিস্তৃত বিনিয়োগ সম্ভাৱনা উদ্ঘাটন কৰাৰ বাবে সহায় আগবঢ়াবলৈও তেওঁলোকক অনুৰোধ জনায়। ড০ শৰ্মাই আজি দেশৰ এটা আগশাৰীৰ ব্যক্তিগত বেংকৰ মুখ্য কাৰ্যবাহী বিষয়া শশীধৰ জগদিশনক সাক্ষাৎ কৰি প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাক অগ্ৰাধিকাৰ দি ৰাজ্যখনৰ অৰ্থনীতি সবল কৰাৰ দিশত চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰ বিষয়ে অৱগত কৰে। তেওঁ কয়, যে ৰাজ্য চৰকাৰে দক্ষ আৰু অনুশাসন মানি চলা কর্মশক্তিৰ জৰিয়তে দেশৰ ক্রমবর্ধমান বেংকিং উদ্যোগক কেইবাটাও সুযোগ প্রদান কৰি আহিছে। মুখ্যমন্ত্ৰীয়ে আজি এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণ সন্মিলনৰ সজাগতা সৃষ্টিৰ বাবে এটা বিশেষ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে।
Site Admin | January 5, 2025 7:18 PM | Assam Cm meet Industrial Person for Advantage Asssam