ডাউনলোড
মোবাইল এপ

android apple
signal

দেশৰ বিভিন্ন ৰাজ্যত আজি নতুন ৰাজ্যপালৰ শপত গ্ৰহণ

লক্ষ্মণ প্রসাদ আচার্যই আজি মণিপুৰৰ ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰে। ইম্ফলৰ ৰাজভৱনত আজি পুৱা শপতগ্রহণ কাৰ্যসূচী অনুষ্ঠিত হয়। মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সিদ্ধার্থ মৃদুলে তেওঁক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। অনুষ্ঠানত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙকে ধৰি কেবিনেট মন্ত্রী, বিধায়ক, আৰক্ষী আৰু অসামৰিক বাহিনীৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ইফালে অসমৰ প্ৰাক্তন ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই আজি পঞ্জাবৰ ৰাজভৱনত পাঞ্জাব আৰু চণ্ডীগড়ৰ নতুন ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰে। পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শ্বিল নাগুৱে তেওঁক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। শ্ৰী কাৰ্টাৰীয়া হৈছে পাঞ্জাবৰ ৩০ সংখ্যক ৰাজ্যপাল। শপতগ্রহণ অনুষ্ঠানত পাঞ্জাবৰ মুখ্যমন্ত্রী ভগৱন্ত মান, মন্ত্রী, বিধায়ককে ধৰি পঞ্জাব আৰু কেন্দ্রীয়শাসিত অঞ্চল চণ্ডীগড়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। আনহাতে প্রাক্তন কেন্দ্রীয় মন্ত্ৰী সন্তোষ কুমাৰ গাংগৱাৰে আজি ঝাৰখণ্ডৰ নতুন ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰে। ৰাঁচীৰ ৰাজভৱনত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ সুজিত নাৰায়ণ প্ৰসাদে তেওঁক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্রী হেমন্ত চোৰেন আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক