দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আজি অসমতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হৈছে। এই উপলক্ষে তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে দিছপুৰত লোকনিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত আয়োজন কৰা অনুষ্ঠানত তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট গল্পকাৰ আৰু প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান ড০ কুলধৰ শইকীয়াই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে। গণ মাধ্যমৰ পৰিৱৰ্তিত প্ৰকৃতি বিষয়ত বক্তৃতা প্ৰদান কৰি বিশিষ্ট গল্পকাৰজনে ডিজিটেল মাধ্যমৰ আগমনৰ ফলত গণ মাধ্যমত পৰিলক্ষিত হোৱা পৰিৱৰ্তনসমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে কয়, যে ডিজিটেল মাধ্যমৰ আগমন অৱশ্যম্ভীয় আৰু সময়োপযোগী পৰিৱৰ্তন, কিন্তু এই পৰিৱৰ্তনৰ হাত ধৰি অহা ভুৱা তথ্য প্ৰচাৰৰ দৰে বিষয়সমূহৰ প্ৰতি নাগৰিকসকল সচেতন হোৱা উচিত। গণ্য মাধ্যমৰো এইক্ষেত্ৰত সঠিক তথ্য প্ৰদানৰ দায়িত্ব আছে বুলিও শ্রী শইকীয়াই কয়। অনুষ্ঠানত তথ্য আৰু গণসংযোগ বিভাগৰ সঞ্চালক, আছাম ট্ৰিবিউনৰ কাৰ্যবাহী সম্পাদককে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগতো আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে ‘গণ মাধ্যমৰ পৰিৱৰ্তিত প্ৰেক্ষাপট : স্বাধীনতা আৰু বিশ্বাসযোগ্যতা’ শীৰ্ষক এটা বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। বিশিষ্ট লেখক, সাংবাদিক, পদ্মশ্ৰী অৰূপ কুমাৰ দত্তই এই বক্তৃতা আগবঢ়ায়। তেওঁৰ বক্তৃতাত শ্ৰী দত্তই ৭০ৰ দশকৰ পাছৰ পৰা ছপা মাধ্যমৰ বিশ্বাসযোগ্যতা ক্ৰমাৎ কমিবলৈ ধৰে আৰু বৈদ্যুতিন মাধ্যমৰ প্ৰচলনৰ পাছত এই বিশ্বাসযোগ্যতা আৰু হ্রাস পায় বুলি মন্তব্য কৰে। বৈদ্যুতিন মাধ্যমে বর্তমান সস্তীয়া জনপ্ৰিয়তা আৰু উপাৰ্জনৰ আহিলাৰূপে লঘু বাতৰিক গুৰুত্ব দিয়াৰ প্ৰৱণতাক ছপা মাধ্যমেও অনুকৰণ কৰাতো দুৰ্ভাগ্যজনক বুলি বিশিষ্ট লেখকগৰাকীয়ে কয়। সচেতন জনসাধাৰণে সংবাদমাধ্যমক পুনৰ দায়িত্বশীল আৰু বিশ্বাসযোগ্য কৰিব পাৰিব বুলি শ্রী দত্তই আস্থা প্ৰকাশ কৰে। অনুষ্ঠানত বিশিষ্ট সাংবাদিক সুশান্ত তালুকদাৰ, ৰাজীৱ লোচন বৰঠাকুৰ আৰু প্ৰেছ ক্লাবৰ সভাপতি সুস্মীতা গোস্বামী উপস্থিত থাকে।
এই দিৱসৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন জিলাতো বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হয়। তিনিচুকীয়া, মাজুলী, কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, ধুবুৰী, শিৱসাগৰ, মানকাচৰ আৰু বৰপেটা জিলাতো জিলা প্রশাসন তথা জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আয়োজন কৰা হয় ৷ নগাঁও জিলাত এই উপলক্ষে বিশিষ্ট সাংবাদিক ডালিম ফুকনক সম্বৰ্ধনা জনোৱা হয়।
Site Admin | November 16, 2024 7:17 PM | National Press Day | news | Press