দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰা হৈছে। ইয়াকে লৈ ৰাজ্যৰ জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ প্ৰান্তে প্রান্তে বিক্ৰেতাসকলে অস্থায়ী বিপণী মুকলি কৰি দীপাৱলীৰ বাবে চাকি, ফটকাকে ধৰি সামগ্ৰীসমূহ বিক্ৰী কৰিছে। মহানগৰীৰ বাট-পথসমূহো আলোকমালাৰে সজ্জিত কৰি তোলা হৈছে। মৃৎশিল্পীসকলে প্ৰস্তুত কৰা মাটিৰ চাকিৰে বজাৰসমূহ ভৰি পৰিছে। ইয়াৰ লগতে বিভিন্ন বিজুলী বাতি তথা অন্যান্য প্রয়োজনীয় পূজাৰ উপকৰণ আৰু সা-সামগ্ৰীৰে দোকানসমূহ সজাই তোলা হৈছে। বাসগৃহসমূহো আটক ধুনীয়াকৈ আলোকমালাৰে সজ্জিত কৰা হৈছে। সমান্তৰালকৈ কালী পূজাৰ বাবে মন্দিৰসমূহত ব্যাপক প্রস্তুতি চলা পৰিলক্ষিত হৈছে। ইপিনে, প্রদূষণ নিয়ন্ত্রণ বোর্ডে সকলোকে সেউজ দীপাৱলী উদযাপন কৰিবলৈ আহ্বান জনাইছে। দীপাৱলী আৰু ষট পূজাৰ সময়ছোৱাত ৰাজহুৱা শান্তি-শৃংখলা, সুৰক্ষা তথা শব্দ প্ৰদূষণ ৰোধ কৰাৰ স্বাৰ্থত তথা দেশৰ উচ্চতম ন্যায়ালয় আৰু পৰিৱেশ সুৰক্ষা নিয়ম ১৯৮৬ৰ প্ৰতি সন্মান জনাই ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ সংশ্লিষ্ট ধাৰাৰ অধীনত নগাঁও জিলাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। সেই অনুসৰি দীপাৱলীৰ নিশা ১০ বজালৈ আৰু ষট পূজাৰ দিনা পুৱা ৬ বজাৰ পৰা ১০ বজালৈকে নাগৰিকে ফটকা ফুটাব পাৰিব।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে দীপাৱলী উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মুৱে এটা শুভেচ্ছা বার্তাত কৈছে যে, দীপাৱলী আনন্দ উৎসাহৰ উৎসৱ আৰু এই উৎসৱে অজ্ঞানতাৰ বিৰুদ্ধে জ্ঞান আৰু অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয়ৰ কথাকে সূচায়। তেওঁ কয় যে, দীপাৱলীৰ পৱিত্ৰ ক্ষণত আমি আমাৰ বিবেক প্রজ্জ্বলিত কৰাৰ লগতে মৰম-ভালপোৱা, দয়া-কৰুণাৰ দৰে গুণবোৰ আকোঁৱালি লোৱা উচিত আৰু সামাজিক সম্প্ৰীতিক সুদৃঢ় কৰা উচিত। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে তেওঁৰ শুভেচ্ছা বার্তাত কৈছে যে, দীপাৱলী অকল ভাৰততে নহয় বৰং বিশ্বৰ বিভিন্ন প্ৰান্তত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলেও এই উৎসৱ উৎসাহ-উদ্দীপনাৰে পালন কৰে। ইফালে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজা উপলক্ষে অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে এন্ধাৰ বিনাসী আগুৱাই যোৱা উৎসৱ দীপাৱলীৰ তাৎপৰ্যই সকলোকে প্ৰমূল্যৰ ভিত্তিত মানৱীয় সমাজ গঢ়িবলৈ প্ৰেৰণা যোগায়। এই উৎসৱে জনসাধাৰণৰ মাজত ভাতৃত্ববোধৰ বান্ধোন শক্তিশালী কৰাৰ লগতে শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। এ আই ইউ ডি এফ দলেও অসমবাসীলৈ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে। দলৰ সভাপতি তথা প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে এই উপলক্ষে দিয়া এটা বাৰ্তাত দীপান্বিতাৰ পোহৰে সমাজৰ পৰা হিংসা বিদ্বেষ, অসূয়া অপ্ৰীতিৰ ভাৱ আঁতৰাই সাতামপুৰুষীয়া সম্প্ৰীতিৰ এনাজৰী শক্তিশালী কৰিব বুলি আশা প্রকাশ কৰে। ইপিনে, বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা কালী পূজা উদযাপন কৰা হৈছে। ধুবুৰীত দীপাৱলী আৰু কালী পূজা উপলক্ষে কালি ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত বিনামূলীয়াকৈ মাটিৰ চাকি বিতৰণ কৰা হয়। লগতে, গোৱালপাৰা চহৰৰ সমীপৰ শোলমাৰীত আজিৰ পৰা তিনিদিনীয়াকৈ কালী পূজা অনুষ্ঠিত হৈছে।