দেশৰ বিভিন্ন প্ৰান্তত আজি ভগৱান বুদ্ধৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি বুদ্ধ পূর্ণিমা পালন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে বুদ্ধ পূর্ণিমা উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুমুৱে এটা বাৰ্তাত কয় যে ভগৱান গৌতম বুদ্ধই মানৱ জাতি আৰু সকলো জীৱৰ প্ৰতি সত্য, অহিংসা, সম্প্ৰীতি আৰু মৰম ভালপোৱাৰ বাৰ্তা দি থৈ গৈছে। তেওঁ কয় যে ভগৱান বুদ্ধ সহিষ্ণুতা, আত্মসজাগতা আৰু সুআচৰণৰ শিকণিসমূহে সকলোকে মানৱ জাতিৰ সেৱাৰ বাবে উদ্বুদ্ধ কৰে। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে তেওঁৰ বাৰ্তাত কয় যে ভগৱান গৌতম বুদ্ধৰ শিকণিসমূহৰ মাজত নৈতিক আচৰণ, মানসিক অনুশাসন আৰু প্ৰজ্ঞাৰ সৈতে সংপৃক্ত জীৱন অনুসৰণৰ ৰূপান্তৰকামী পৰিকল্পনা নিহিত হৈ আছে। শ্রীধনখড়ে কয় যে ভগৱান বুদ্ধৰ চতুৰাৰ্য সত্য আৰু অষ্টমাৰ্গৰ তত্বই জনসাধাৰণৰ মৰম, ভালপোৱা, কৰুণা আৰু অহিংসাৰ পথ অনুসৰণ কৰাত সহায় কৰি আহিছে।
Site Admin | May 23, 2024 12:11 PM | Buddha Purnima